বটদ্ৰৱাত কাতি বিহুৰ আয়োজন

বটদ্ৰৱাত কাতি বিহুৰ আয়োজন

author-image
Asomiya Pratidin
New Update
বটদ্ৰৱাত কাতি বিহুৰ আয়োজন

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ সমগ্ৰ ৰাজ্যৰ লগতে বটদ্ৰৱাটো পুৱাৰে পৰা জাতীয় উৎসৱ বিহুৰ অন্যতম কাতি বিহু পালন কৰা কৰা হৈছে। বটদ্ৰৱা থানত কাতি বিহু উপলক্ষে ভক্ত-বৈষ্ণৱৰ হৰি নামৰ ধ্বনিৰে মুখৰিত হয়।

Advertisment

বটদ্ৰৱা থানত পুৱা নিত্য নৈমিত্তিক প্রসংগৰ উপৰিও দুপৰীয়া কীৰ্তনত বিহু উপলক্ষে ৰংগে ফাকু খেলে চৈতন্য বনমালী আৰু জগন্নাথ জগন্নাথ শীৰ্ষক কীৰ্তন পৰিৱেশন কৰিব ভকতসকলে।

সন্ধ্যা অঞ্চলটোৰ প্ৰতি ঘৰ গৃহস্থৰ চোতালত ৰোৱা তুলসীৰ তলত কনকন শিশু সকলে নাম কীৰ্তন পৰিৱেশন কৰি আৰু পথাৰত বন্তি জ্বলাই পৰম্পৰা ৰক্ষা কৰাৰ বাবে প্ৰস্তুতি চলাইছে গঞা ৰাইজে। আনহাতে বটদ্ৰৱাৰ ৰাইডঙীয়া, সৰুহিছা, বৰহিছা, বৰভেটি, জাজৰি, ডুমডুমীয়া আদি অঞ্চলত নিশা দিহা নামেৰে মুখৰিত হৈ পৰিব।

Also Read: কাজিৰঙাত দুৰ্গোৎসৱৰ ব্যাপক প্ৰস্তুতি

kati bihu batadrava than