কঠীয়াতলীত চোৰৰ বিলৈ : গছত বান্ধি থলে চুৰক...

কঠীয়াতলীত চোৰৰ বিলৈ : গছত বান্ধি থলে চুৰক...

author-image
Asomiya Pratidin
New Update
কঠীয়াতলীত চোৰৰ বিলৈ : গছত বান্ধি থলে চুৰক...

ডিজিটেল সংবাদ, নগাঁও : চোৰৰ উপদ্ৰৱত অতিষ্ঠ সাধাৰণ ৰাইজ। পিছে এইবাৰ চুৰৰ বিলৈ। কঠীয়াতলীত চাইকেল চোৰৰ বিলৈ। চুৰক হাতেলোতে ধৰি গছত বান্ধি থ'লে স্থানীয় ৰাইজে।

নগাঁও জিলাৰ কঠীয়াতলী আৰক্ষী পহৰা চকীৰ অন্তৰ্গত কঠীয়াতলী দৈনিক বজাৰৰ পৰা এখন চাইকেল চুৰি কৰিবলৈ গৈ বিলৈ হ'ল চুৰৰ। চাইকেল সহ এটা চোৰক হাতেলোতে ধৰি গছত বান্ধি থয় স্থানীয় ৰাইজে।

পিছত চোৰটোক আৰক্ষীৰ হাতত গতাই দিয়ে স্থানীয় লোকে। সঞ্জয় কচমেটিকচৰ সমীপৰ পৰা চাইকেল নিবলৈ ধৰোঁতেই স্থানীয় লোকে আটক কৰে চোৰটোক। ধৃত চোৰটো আখতাৰ আলি বুলি জানিব পৰা গৈছে।

Also Read: আজি তাঁতৰ বিহু : গাঁৱৰ বোৱাৰী-জীয়ৰিয়ে পালন কৰিছে এই বিহু...

Assam police