নামবৰ লালুংগাঁও পঞ্চায়তৰ পূৰ্বৰ নাম বাহাল ৰখাৰ দাবীত কঠীয়াতলীত তীব্ৰ প্ৰতিবাদ

নামবৰ লালুং গাঁও পঞ্চায়তৰ পূৰ্বৰ নাম বাহাল ৰখাৰ দাবীত কঠীয়াতলীত তীব্ৰ প্ৰতিবাদ

author-image
Asomiya Pratidin
New Update
নামবৰ লালুংগাঁও পঞ্চায়তৰ পূৰ্বৰ নাম বাহাল ৰখাৰ দাবীত কঠীয়াতলীত তীব্ৰ প্ৰতিবাদ

ডিজিটেল সংবাদ,কামপুৰঃ নগাঁৱৰ কঠীয়াতলীত শুকুৰবাৰে সদৌ তিৱা ছাত্ৰ সন্থা তথা সদৌ তিৱা মহিলা সমিতিয়ে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। নামবৰ লালুংগাঁও গাঁও পঞ্চায়তৰ অন্তৰ্ভুক্ত ভোট দাতা ৰাইজৰ সহযোগত ২ ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰে প্ৰতিবাদকাৰীয়ে।

উল্লেখ কৰা প্ৰয়োজন যে, নামবৰ লালুংগাঁও গাঁও পঞ্চায়তৰ পূৰ্বৰ নাম বাহাল ৰখাৰ দাবী, ভূমি দাতা আৰু গৃহ দাতা চন্দন সিং বৰদলৈৰ নামত কঠিয়াতলী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নাম নামাকৰণ কৰাৰ লগতে কঠিয়াতলী টাউন কমিটিৰ পৰিকল্পনা বাতিল কৰিবলৈ দাবী জনাই প্ৰতিবাদকাৰীয়ে।

আজি প্ৰতিবাদকাৰীয়ে বিজেপি হুঁচিয়াৰ, জিতু গোস্বামী গ'বেক, জিতু গোস্বামী মূর্দাবাদ ধ্বনিৰে প্ৰতিবাদস্থলী কঁপাই তোলে। উল্লেখযোগ্য যে, প্ৰতিবাদত ৫ শতাধিক লোকে অংশ লয়।

Also Read: ধুবুৰীত যোগী সন্মিলনীৰ প্ৰতীক অনশন কাৰ্যসূচীৰে প্ৰতিবাদ

kathiyatoli protest Nambar lalung gaon