/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/d0898754-f5a5-47b8-b859-f4e0816fbf18/AP_Thumbnail_Accident.jpg)
ডিজিটেল সংবাদ, কঠীয়াতলী: কঠীয়াতলী ৰেংবেংত ভয়ংকৰ পথ দুৰ্ঘটনা। নগাঁও-হোজাই অভিমুখী তীব্ৰ বেগী বাহনৰ খুন্দাত নিহত এজন লোক।
নিহত লোকজন সৰুপথাৰ কালী মন্দিৰৰ অজিত দাস। গা ধুই চাইকেলেৰে ঘৰলৈ গৈ থকা অৱস্থাত পিছফালৰ পৰা এখন বাহনে মহতিয়াই নিয়ে অজিত দাসক।
ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁৱলৈ প্ৰেৰণ। দুৰ্ঘটনা সংঘটিত কৰা বাহন খনৰ নম্বৰ হ'ল এন এল ০৭ চি এ ২৭৫৭।
Also Read: আমেৰিকাৰ দুখন বিশ্ববিদ্যালয় লৈ আমন্ত্ৰণ লাভ অসমৰ জীয়ৰীৰ...