/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-25/gzuwcj4h/21.jpg)
ডিজিটেল সংবাদ,কামপুৰঃ ৰাজ্যৰ কেইবাটাও সংবাদ প্ৰতিষ্ঠানৰ সাংবাদিকক কৰ্তব্যৰত অৱস্থাত দুস্কৃতিকাৰীয়ে আক্ৰমণ কৰা ঘটনাক ধিক্কাৰ দিছে কঠীয়াতলী প্ৰেছ ক্লাবে। আজি কঠীয়াতলী প্ৰেছ ক্লাবে এই ঘটনাৰ গৰিহণা দি এক ঘণ্টা সময় অৱস্থান ধৰ্মঘট পালন কৰে।
উল্লেখযোগ্য যে, বৃহস্পতিবাৰে চামগুৰিত কংগ্ৰেছ আৰু বিজেপিৰ বাতৰি সংগ্ৰহ কৰি থকা সময়ত একাংশ দুষ্কৃতিকাৰীয়ে কৰ্তব্যৰত অৱস্থাত থকা বহু কেইটা সংবাদ প্ৰতিষ্ঠানৰ কেইবাগৰাকীও সাংবাদিকক আক্ৰমণ কৰিছিল। কঠীয়াতলী প্ৰেছ ক্লাবে উদ্বিগ্নতা প্ৰকাশ কৰা লগতে ধিক্কাৰ জনায়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-25/nt0266h3/1b4bb85a-2181-4761-839a-c81d12c2e892.jpg)
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙক বাৰে বাৰে সাংবাদিক আক্ৰমণৰ ঘটনা সন্দৰ্ভত উপযুক্ত ব্যৱস্থা লবলৈ আহ্বান জনাই কঠীয়াতলী প্ৰেছ ক্লাবে I লগতে দোষীৰ বিৰুদ্ধে দৃষ্টান্তমূলক ব্যৱস্থা লোৱাৰো দাবী জনায়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-25/ss0xgtq6/5d2ebde2-264f-412d-9def-c0491f08182d.jpg)
এই ক্ষেত্ৰত জনসংযোগ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাকো সাংবাদিকক আক্ৰমণৰ ঘটনাৰ তদন্তৰ ক্ষেত্ৰত হস্তক্ষেপৰ আহ্বান জনায়। ধৰ্মঘট কাৰ্যসূচীত আদিবাসী নেতাদ্বয় বিৰেন মিৰ্ধা আৰু প্ৰৱন পানিকাই অংশ লয়।
Also Read: লংকাত ধাৰাবাহিক চুৰিকাণ্ডঃ আলমাৰি ভাঙি লুটি নিলে আ-অলংকাৰ