/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/cb2bbb2f-4a3b-4755-8bf8-d846fbf4eeb8/4.jpg)
ডিজিটেল সংবাদ, কঠীয়াতলীঃ কঠীয়া়তলী খণ্ড প্ৰাথমিক চিকিৎসালয়ত নাভুত নাশ্ৰুত কাণ্ড ৷ চিকিৎসক আৰু নাৰ্চৰ হেমাহিৰ বাবে এগৰাকী মাতৃয়ে হেৰুৱালে এটি নৱজাতক ৷
জানিব পৰা মতে, অৰ্পনা পাটৰ বৰদলৈ নামৰ মহিলাগৰাকীক প্ৰসৱৰ বাবে বুধবাৰে ভৰ্তি কৰিছিল কঠীয়া়তলী খণ্ড প্ৰাথমিক চিকিৎসালয়ত ৷ কিন্তু চিকিৎসক নাৰ্চ মহিলাগৰাকী জটিল প্ৰসৱ দেখিও নগাঁৱলৈ প্ৰেৰণ নকৰি চিকিৎসালয়তে ৰাখি প্ৰসৱ কৰাই যদিও এটা মৃত সন্তান জন্ম হয় ৷
মহিলাগৰাকীৰ পৰিয়ালৰ অভিযোগ দুই নাৰ্চ আৰু চিকিৎসকৰ হেমাহিৰ বাবেই প্ৰাণ হেৰুৱালে নৱজাতকটিয়ে ৷ আনহাতে মৃত সন্তান প্ৰসৱ কৰাই মহিলাগৰাকীৰ পৰিয়ালৰ পৰা এহেজাৰ টকা লোৱাৰো গুৰুতৰ অভিযোগ উত্থাপন হৈছে ৷
Also Read: তৃতীয়বাৰৰ বাবে মহাকাশলৈ উৰা মাৰিলে সুনিতা উইলিয়ামছে...