/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-14/dggwld6c/press-club-14.jpg)
কটহগুৰি প্ৰেছ ক্লাৱৰ কাৰ্যালয় মুকলি...
ডিজিটেল সংবাদ, বটদ্ৰৱা: নগাঁও মৰিগাঁও জিলাৰ সীমামূৰীয়া অঞ্চলৰ সাংবাদ কৰ্মীসকলৰ উমৈহতীয়া মঞ্চ "কটহগুৰি প্ৰেছ ক্লাৱ"ৰ আজি কাৰ্যালয় মুকলি কৰা হয়। গাম্ভীৰ্য্যপূৰ্ণ অনুষ্ঠানৰ মাজেৰে ফিটা কাটি "কটহগুৰি প্ৰেছ ক্লাৱ"ৰ কাৰ্যালয় মুকলি কৰে ধিং ৰাজহ চক্ৰৰ চক্ৰ বিষয়া সৌৰভ কুমাৰ দাসে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-14/gmlgpm3i/4ec67b60-dc63-41a1-ae19-507a566aef7c.jpg)
পাছত অনুষ্ঠিত মুকলি সভাত ভাষণ প্ৰদান কৰি সৌৰভ কুমাৰ দাসে কয়, গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ স্বৰূপ সাংবাদিকসকলৰ বৰ্তমান সময়ত সমাজৰ প্ৰতি দায়বদ্ধতা বাঢ়িছে। জ্যেষ্ঠ সাংবাদিক মোস্তাফা চেলিম আহমেদে আঁত ধৰা অনুষ্ঠানটিত নগাঁও জিলা পৰিষদৰ প্ৰাক্তন সভাপতি হাইদৰ আলী, পশু চিকিৎসক ডা০ আনোৱাৰ হাজৰিকা, আৰক্ষী বিষয়া প্ৰণৱ শইকীয়া, জ্যেষ্ঠ সাংবাদিক দিব্যজ্যোতি বৰুৱা, ৰেখা শৰ্মা, আবুল কাচেমকে আদি কৰি কেইবাগৰাকী ব্যক্তিয়ে ভাষণ প্ৰদান কৰে।
অনুষ্ঠানত কটহগুৰি প্ৰেছ ক্লাৱৰ সভাপতি ৰিবুল হক, সম্পাদক ফাৰুক আব্দুল্লা, মতিওৰ ৰহমান, আতাবুৰ ৰহমান, হিবজুৰ ৰহমান, ববিতা শইকীয়া, জ্যেষ্ঠ সাংবাদিক ছাইফুল ইছলামকে আদি কেইবাগৰাকী ব্যক্তি উপস্থিত থাকে।
Also Read: অসুস্থ উদ্ধৱ ঠাকৰেঃ পুৱাই ৰিলায়েন্স হাস্পতালত ভৰ্তি...