/asomiyapratidin/media/media_files/2025/02/19/OlcTjIXORKoLaAxU2lyk.jpg)
ডিজিটেল সংবাদ কামপুৰঃ নগাঁও জিলাৰ কচুৱা আৰক্ষী থানাৰ অন্তৰ্গত লুটুমাৰী মাটিখোলাত যোৱা ১১ ফেব্ৰুৱাৰীৰ নিশা সংঘটিত হোৱা মাৰপিটৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে এই পৰ্যন্ত ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন হৈছে। উল্লেখ্য যে, সেই দিনা উক্ত মাৰপিটৰ ঘটনাত আমিনা খাতুন নামৰ মহিলা গৰাকী গুৰুতৰভাৱে আহত হোৱাৰ লগতে ৮/৯ জন লোক কম বেছি পৰিমাণে আহত হয়।
গুৰুতৰ ভাৱে আহত আমিনা খাতুনৰ লগতে আন কেইগৰাকীক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় যদিও পাছত চিকিৎসালয়ত আমিনা খাতুনৰ মৃত্যু হয় ৷ এই ঘটনাত আহত হোৱা আন আন লোকসকল আছিল ক্ৰমে আইনুল হক, আমিনুল ইছলাম, আলাল উদ্দিন, মুকছিদুল ইছলাম, আব্দুল কালাম, মুছাৰুল ইছলাম, আনাৰুল ইছলাম, পাৰবিনা খাতুন বুলি আহত হৈ বৰ্তমানেও চিকিৎসাধীন ৷
এই মাৰপিটৰ ঘটনা সংঘটিত কৰা হাৰেছ আলী, বাৰেক আলী, উচমান আলী, হৰজত আলী, ৰহমান আলী, কুদ্দুছ আলী, ইদ্ৰিছ আলী, আডুম আলী, মুছাৰফ ইচলাম, মমিনা খাতুনৰ বিৰুদ্ধে কচুৱা থানাত ইতিমধ্যে এজাহাৰ দাখিল কৰা হৈছে যদিও এই পৰ্যন্ত আৰক্ষীয়ে কোনো ধৰনৰ ব্যৱস্থা নোলোৱাৰ অভিযোগ উত্থাপিত হৈছে। সেয়ে আজি নগাঁও আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত আমিৰ ইছলামে বিপৰীত পক্ষৰ ১১ জনকৈ লোকৰ বিৰুদ্ধে পুনৰ এজাহাৰ দাখিল কৰে।
ইয়াৰ পিছতো যদি আৰক্ষীয়ে কোনো ব্যৱস্থা নকৰে তেন্তে গণতান্ত্ৰিক আন্দোলনৰো হুংকাৰ প্ৰদান কৰিছে সংবাদমাধ্যমৰ জৰিয়তে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us