কামপুৰত হ্ৰাস পাইছে কপিলীৰ জলস্তৰ....

বানৰ আশংকা শেষ হোৱা নাই...

author-image
Asomiya Pratidin
New Update
কামপুৰত হ্ৰাস পাইছে কপিলীৰ জলস্তৰ....

ডিজিটেল সংবাদ,কামপুৰঃ কামপুৰত কপিলী নদীৰ পানী কিছু হ্ৰাস পাইছে যদিও বিপদমুক্ত হোৱা নাই ৰাইজ। বিগত ১০ দিন ধৰি এককাল পৰ্যন্ত পানীৰ মাজত থাকিব লগীয়া হৈছে বানাক্ৰান্ত।

Advertisment

বাঢ়নী পানীৰ ফলত কামপুৰ-যমুনামুখ গড়কাপ্তানী পথৰ যাতায়ত বন্ধ হৈ আছে। ইয়াৰোপৰি প্লাবিত হৈ আছে ন ন অঞ্চল। কামপুৰ-যমুনামুখ পথৰ পটিয়াপামৰ শতাধিক পৰিয়াল বিগত ১০-১৫ দিন ধৰি পানীৰ তলত থাকিব লগা হৈছে।

ৰাজপথত এতিয়া গাড়ীৰ পৰিবৰ্তে কলৰ ভূঁৰ চলিছে।বহিঃজগতৰ লগত সমগ্ৰ অঞ্চলটোৰ যোগাযোগ বিচিন্ন হৈ পৰিছে। আনহাতে এই অৱস্থাত প্ৰশাসনে কোনো খবৰ লোৱা নাই বুলি অভিযোগ কৰিছে বন্যাৰ্তই। চৰকাৰে কোনো ধৰণৰ ৰিলিফ প্ৰদান নকৰাৰো অভিযোগ উত্থাপিত কৰিছে বন্যাৰ্তই।

Also Read: পাটাছাৰকুছি শাখা সাহিত্য সভাৰ বিষ্ণু ৰাভা দিৱস উদযাপন...

Kapili river Kampur flood Kapili river flood