কামপুৰ-কঠীয়াতলী পথত প্ৰকাণ্ড গাঁত

কামপুৰ-কঠীয়াতলী পথত প্ৰকাণ্ড গাঁত

ডিজিটেল সংবাদ,কামপুৰ : কামপুৰৰ ৰাজপথত প্ৰকাণ্ড প্ৰকাণ্ড গাঁতৰ সৃষ্টি হৈছে। কিছুদিনৰ আগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিদেৰ্শ দিছিল যে,ৰাজপথত কোনো গাঁত থাকিব নোৱাৰিব। কিন্তু মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ প্ৰতি গুৰুত্ব নাই বিভাগীয় কৰ্তৃপক্ষৰ।

কামপুৰ -কঠীয়াতলী তথা নগাঁও আৰু কাৰ্বি আংলং জিলাৰ সংযোগী মূল পথটোত থকা প্ৰকাণ্ড প্ৰকাণ্ড গাঁতে মৰণফাণ্ডত পৰিণত হৈছে। জানিব পৰামতে কামপুৰৰ পৰা কঠীয়াতলীলৈ মুঠ ১০ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথৰ কামপুৰৰ পাচনীজাৰ আৰু কঠীয়াতলী চাৰিআলিত দুটা প্ৰকাণ্ড গাঁতৰ সৃষ্টি হোৱাত পথটোৰে গাড়ী -মটৰ চলাচল কৰাত অসুবিধা হৈছে।

ইয়াৰোপৰি চাইকেল আৰু পথচাৰীৰো যাতায়ত কৰাত নানা অসুবিধা হৈছে। অভিযোগ অনুসৰি, পথটোৰ গাঁতত পৰি কেইবাজনো যাত্ৰী আঘাতপ্ৰাপ্ত হৈছে। বহু বছৰ ধৰি এইদৰে জৰাজীৰ্ণ হৈ থকা পথটোৰ গাঁতসমূহৰ মেৰামতিৰ বাবে ৰাইজে দাবী জনাই আহিছে যদিও মেৰামতিৰ পদক্ষেপ হাতত নোলোৱাত ক্ষোভিত হৈ পৰিছে স্থানীয় ৰাইজে। ৰাইজে শীঘ্ৰে পথটোত থকা গাঁত বোৰ মেৰামতি কৰি যাতায়তৰ সুচল কৰাৰ দাবী জনাইছে।

কামপুৰ-কঠীয়াতলী পথত প্ৰকাণ্ড গাঁত
কাজিৰঙাত বিশ্ব হস্তী দিৱস উদযাপন

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in