বানৰ ফলত বিধ্বস্ত কামপুৰ-পশ্চিম কাৰ্বি আংলং পথ

বানৰ ফলত বিধ্বস্ত কামপুৰ-পশ্চিম কাৰ্বি আংলং পথ

ডিজিটেল সংবাদ,কামপুৰঃ নগাঁও জিলাৰ বান পৰিস্থিতি উন্নত যদিও এতিয়াও ঘৰলৈ উভতিব পৰা নাই বহু হাজাৰ লোক । বৰ্তমানেও আশ্ৰয় শিবিৰতে আছে লোকসকল। জিলাখনত কপিলী,বৰপানী,নিশাৰী আদি নদীয়ে কামপুৰ,ৰহা আৰু নগাঁও সদৰ ৰাজহ চক্ৰৰ বিস্তৰ ক্ষতিসাধন কৰে। সৰ্বাধিক ক্ষতি হয় কামপুৰ ৰাজহ চক্ৰত। ৰাজহ চক্ৰটোৰ শতাধিক গাঁও বানৰ কবলত পৰে।

কপিলী আৰু বৰপানী নদীৰ বলিয়া বানে কামপুৰৰ বহু কেইটা মথাউৰি ছিঙি দিয়াৰ লগতে কেবাটাও পথৰ বিস্তৰ ক্ষতিসাধন কৰে। কামপুৰৰ পৰা চাংচকী, গাৰূখুন্দা হৈ যমুনামুখ আৰু বকুলগুৰি হৈ পশ্চিম কাৰ্বি আংলং সংযোগী লোকনিৰ্মাণ বিভাগৰ পথটোৰ এটা অংশ বানে ছিঙি নিয়াত যাতায়ত ব্যৱস্থা ব্যাহত হৈ পৰিছে। পশ্চিম কাৰ্বিআংলঙৰ তৰাডুবি সংযোগী পথটো মেৰামতি নকৰাত কামপুৰ-যমুনামুখৰ সৈতে যাতায়তৰ ক্ষেত্ৰত বৃহত্তৰ অঞ্চলটোৰ ৰাইজ সমস্যাৰ সন্মুখীন হৈছে।

কপিলীৰ বলিয়া বানত যমুনামুখৰ নিকটৱৰ্তী কুম্ভিৰডুবি অঞ্চল বিধ্বস্ত হয়। কামপুৰৰ পৰা পশ্চিম কাৰ্বি আংলং জিলা সংযোগী পথটোৰ কুম্ভিৰডুবিত বানে কেবাঠাইৰ যথেষ্ট অংশ ছিঙি নিয়াত পথত পুখুৰী সদৃশ গাতৰ সৃষ্টি হয়। ফলত কুম্ভিৰডুবি আৰু বকুলগুৰি অঞ্চলৰ ৰাইজে যমুনামুখ আৰু কামপুৰৰ লগত যাতায়তৰ ক্ষেত্ৰত দুৰ্ভোগ ভুগিবলগা হৈছে। পথটোৰ এই দুৰাৱস্থাৰ বাবে যান-বাহনৰ চলাচল বন্ধ হৈ থকাত ৰাইজ জৰুৰীকালীন সেৱাৰ পৰা বঞ্চিত হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে।

উল্লেখ্য যে ২০২২ চনৰ বানৰ সময়ত এই পথটোৰ ক্ষতিসাধন হৈছিল। তেতিয়াৰ পৰা পথটো মেৰামতি ভালদৰে নকৰাৰ বাবেই এইবাৰৰ বানত পথটোৰ অধিক ক্ষতি হ'ল। ইপিনে কামপুৰ কঠিয়াতলি সংযোগী পথটোও এইবাৰ বানে ক্ষতিসাধন কৰে। বানত যাতায়তৰ বাবে বন্ধ হৈ পৰি এই পথটোৰে যানবাহনৰ চলাচল বৰ্তমান অব্যাহত আছে যদিও সংশয়ত যানবাহন চলাব লগা হৈছে।

এই পথটো ২০২২ চনত হোৱা বানে ক্ষতিসাধন কৰিছিল। এই পথটো লোকনিৰ্মাণ বিভাগে উপযুক্ত ভাবে মেৰামতি নকৰিলে। ৰাইজে দুয়োটা পথ শীঘ্ৰে মেৰামতি কৰিবলৈ চৰকাৰক দাবী জনাইছে। ইপিনে নগাঁও জিলা দুৰ্যোগ প্ৰশমন ব্যৱস্থাপনা বিভাগে জনোৱা মতে জিলাখনৰ কামপুৰ ,ৰহা আৰু নগাঁও সদৰ ৰাজহ চক্ৰৰ প্ৰায় ৮০ খন গাঁও এতিয়াও বানৰ কবলত।

প্ৰায় ৭৫ হাজাৰ লোক বানত আক্ৰান্ত হৈ আছে। ক্ৰমশ পানী শুকাইছে যদিও বহু লোক নিজৰ আপোন ঘৰখনলৈ যাব পৰা নাই। জিলাখনৰ কাষেৰে বৈ যোৱা ব্ৰহ্মপুত্ৰ নদীৰ জলপৃষ্ঠ শিলঘাটত যথেষ্ট হ্ৰাস হৈছে। আজি বিয়লিৰ তথ্য অনুসৰি বিপদসীমাৰ ৫ ছেণ্টিমিটাৰ তলেৰে বৈ আছে। কলং নৈ নগাঁও আৰু ৰহাত বিপদসীমাৰ তলেৰে বৈ আছে।

বানৰ ফলত বিধ্বস্ত কামপুৰ-পশ্চিম কাৰ্বি আংলং পথ
ঔটেঙাৰ পৰা পুষ্টিকৰ পাউদাৰ প্ৰস্তুত সন্দৰ্ভত অসম কৃষি বিশ্ববিদ্যালয়ৰ বুজাবুজি চুক্তি স্বাক্ষৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in