/asomiyapratidin/media/media_files/2025/04/07/ik6i5W2qjqiu6ZwAUVlK.jpg)
ডিজিটেল সংবাদ, কামপুৰঃ পঞ্চায়ত নিৰ্বাচন সমাগত। এমাহৰ পিছতেই এখন নতুন পঞ্চায়ত সমিতিয়ে দায়িত্ব ল'ব যদিও নগাওঁ জিলাৰ কঠীয়াতলী উন্নন খণ্ডৰ অন্তৰ্গত কামপুৰৰ তেতেঁলীসৰা পঞ্চায়তৰ বহু ৰাস্তা-ঘাটকে ধৰি বিভিন্ন উন্নয়নমূলক আঁচনিত দুৰ্নীতিৰ অভিযোগ উত্থাপিত হৈছে।
বিগত পাঁচ বছৰত পঞ্চায়তখনত বি জে পি দলৰ সভাপতি দীন নাথ বৰদলৈ আৰু আঞ্চলিক পঞ্চায়তৰ সদস্যা মাজান দাসে কেইবাজনো দালালক লগত লৈ উন্নয়নৰ ব্যাপক লুণ্ঠণ চলোৱাৰ অভিযোগ উত্থাপিত হৈছে।এম জি এন ৰেগা, চৰ্তুদশ আৰু পঞ্চদশ বিত্তীয় বৰ্ষৰ আঁচনিত অনিয়ম কৰাৰ অভিযোগ উত্থাপিত হৈছে।
ৰাজহুৱা অভিযোগ পৰা পোৱা তথ্য অনুসৰি পঞ্চায়ত খনৰ ১,২ আৰু ৯ নম্বৰ ৱাৰ্ডত ৰূপায়িত হোৱা প্ৰতিটো আঁচনিত অনিয়ম কৰিছিল প্ৰাক্তন সভাপতিগৰাকীৰ লগতে প্ৰাক্তন কাউঞ্চিলাৰ সৈতে অন্যান্যই। তথ্য অনুসৰি পঞ্চায়তখনৰ ১ নং ৱাৰ্ডত বিজয় বৰাৰ ঘৰৰ পৰা খৰালীচিঙালৈ এটা কৃষি বান্ধ নিৰ্মাণৰ বাবে ৯ লাখ ২৬ হাজাৰ টকা অনুমোদন হয়।
ইয়াৰে ৯ লাখ ১৯ হাজাৰ ১২৩ টকা মোকলাই কাগজে কলমে কাম সম্পূৰ্ণ কৰা দেখুৱাইছে যদিও ইয়াৰ কাম অসম্পূৰ্ণ হোৱা বুলি স্থানীয় ৰাইজে অভিযোগ কৰিছে। অভিযোগ মতে কৃষি বান্ধটো আৰম্ভণি ঠাইৰ পৰা খৰালী চিঙালৈ শেষ হ'ব লাগিছিল যদিও প্ৰায় দুশ মিটাৰৰো অধিক ঠাইত এচপৰাও মাটি নেপেলালে।
আধৰুৱা হৈ থাকিল দুই নম্বৰ ৱাৰ্ডৰ পূৱ তেতেঁলীসৰা নাট্য মঞ্চ, ফটাঝাৰৰ শংকৰী কলা কৃষ্টি বিকাশ কেন্দ্ৰ, ফটাঝাৰৰ শ্মশান, ফটাঝাৰৰ সাপ্তাহিক বজাৰ আৰু ফটাঝাৰৰ শ্মশানৰ পৰা খৰালীচিঙালৈ যোৱা পথৰ কাম। জানিব পৰা মতে পূৱ তেতেঁলীসৰা নাট্য মঞ্চৰ বাবে ৮লাখ ৮ হাজাৰ টকা অনুমোদন দিয়া হয় আৰু ইয়াৰ পৰা প্ৰায় আঢ়ৈ লাখ টকা মোকলাই দিয়া হয় যদিও বৰ্তমানেও ইয়াৰ কাম আধৰুৱা হৈ থকাত গাওঁখনত অনুষ্ঠিত আগন্তক ৰঙালী বিহু উদযাপনত ব্যাপক সমস্যা সৃষ্টি হ'ব বুলি ৰাইজে মন্তব্য কৰিছে।
আনফালে ফটাঝাৰ কলা -কৃষ্টি বিকাশ কেন্দ্ৰত মাটি পেলোৱৱাৰ বাবে ৯ লাখ ৫১ হাজাৰ টকা অনুমোদন কৰে ইয়াৰ ৯ লাখ ৪৫ হাজাৰ ৩৫৬ টকা মোকলাই আনে যদিও কম পৰিমানৰ মাটি পেলাই বৃহৎ ধন আত্মসাৎ কৰাৰ অভিযোগ উঠিছে। একেদৰে ফটাঝাৰৰ সাপ্তাহিক বজাৰত মাটি পেলোৱাৰ বাবে ১৮ লাখ ৫৬ হাজাৰ টকা অনুমোদন হয়।
ইয়াৰে ইতিপূৰ্বে ১১ লাখ ১৪ হাজাৰ ৯৭৩ টকা মোকলাই আনে । ফটাঝাৰৰ এখন শ্মশানৰ ১৮ লাখ ৮ হাজাৰ টকাৰ অনুমোদন হয় আৰু ইতিমধ্যে সাত লাখৰো অধিক টকা মোকলাই অনা বুলি জনা গৈছে যদিও নিম্নমানৰ কাম কৰাৰ অভিযোগ উঠিছে।
ফটাঝাৰ শ্মশানৰ পৰা খৰালীচিঙা সংযোগ কৰি এটা পথ নিৰ্মাণৰ বাবে ১২ লাখ ৩৪ হাজাৰ টকা অনুমোদন হয় যদিও প্ৰায় তিনি লাখ টকা মুকলি কৰি দিয়া হয় কিন্ত ইয়াতো বৃহৎ অনিয়ম হোৱাৰ অভিযোগ উঠিছে। তিনি নং ৱাৰ্ডত শুকান জুৰিত এটা পুখুৰী নিৰ্মাণৰ বাবে ৭ লাখ ৩ হাজাৰ টকা ইয়াৰে ৪ লাখ ৫৫ হাজাৰ ৫১৮ টকা মোকলাই আনে কিন্ত আজিকোপতি এই কাম সম্পূৰ্ণ নোহোৱা বুলি জনা গৈছে।
বামুনীজান মধ্য ইংৰাজী বিদ্যালয়ৰ খেল পথাৰৰ মাটি পোলোৱাৰ বাবে ৬ লাখ ৭৬ হাজাৰ টকা অনুমোদন হোৱা এই কামতো প্ৰায় ডেৰলাখ টকা উলিয়াই অনাৰ পিছত কামটো বৰ্তমানেও আধৰুৱা হৈ থকা বুলি জনা গৈছে। এম জি এন ৰেগাৰ উপৰিও তেঁতেলীসৰা গাওঁ পঞ্চায়তত চতুৰ্দশ-পঞ্চদশ বিত্তীয় আঁচনিৰ কামতো ব্যাপক অনিয়ম হোৱাৰ অভিযোগ উঠিছে প্ৰাক্তন সভাপতি দীন নাথ বৰদলৈৰ বিৰুদ্ধে।
জানিব পৰা চৰ্তুদশ বিত্তিয় আঁচনিত ৯ নং ৱাৰ্ডত বীৰেন বিশ্বাসৰ ঘৰৰ পৰা শুকুমনি বিশ্বাসৰ ঘৰলৈ এটা চি চি ব্লক দিয়া পথৰ বাবে সাত লাখ টকা অনুমোদন হয় যদিও পথটো আধালৈকে নিৰ্মাণ কৰি কাম সমাপ্ত কৰে। ঠিক সেইদৰে পঞ্চদশ বিত্তীয় আঁচনিত পূৱ তেতেঁলীসৰা নাট্য মঞ্চৰ মেৰামতিৰ বাবে ২ লাখ ৫৯ হাজাৰ টকা আৱন্তন হয় যদিও মঞ্চটোৰ নিম্নমানৰ কাম কৰি পুৰণি টিং আদি সামগ্ৰী ব্যৱহাৰ কৰি কাম সমাপ্ত কৰি ব্যাপক লুণ্ঠণ চলোৱাৰ অভিযোগ উঠিছে।
বিগত পঞ্চায়তৰ কাৰ্যকালত সংঘটিত হোৱা এই অনিয়ম তথা আধৰুৱা কাম সমূহৰ ওপৰত এক উচিত তদন্ত কৰি ব্যৱস্থা লবৰ বাবে মুখ্যমন্ত্ৰী তথা বিধায়ক জিতু গোস্বামী আৰু পঞ্চায়ত মন্ত্ৰীৰ হস্তক্ষেপৰ দাবী কৰিছে স্থানীয় ৰাইজে।