ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিল কামপুৰৰ ৰাণীঃ টাইকোৱাণ্ডোত সোণৰ পদক লাভ

ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিল কামপুৰৰ ৰাণীঃ টাইকোৱাণ্ডোত সোণৰ পদক লাভ
Published on
Updated on

ডিজিটেল সংবাদ,কামপুৰঃ ৰাষ্ট্ৰীয় টাইকোৱাণ্ডো প্ৰতিযোগিতাত সোণৰ পদক অৰ্জন নগাঁৱৰ কামপুৰৰ এগৰাকী খেলুৱৈৰ। বিহাৰৰ চিবান জিলাত ১অক্টোবৰৰ পৰা অনুষ্ঠিত হোৱা ৩৫তম ৰাষ্ট্ৰীয় খেল সমাৰোহৰ ৰাষ্ট্ৰীয় টাইকোৱাণ্ডো প্ৰতিযোগিতাত শ্ৰেষ্ঠ খিতাপ অৰ্জন কৰি কামপুৰলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয় চাংচকীৰ ৰাণী ফুকনে।

সপ্তম শ্ৰেণীত অধ্যয়নৰত শংকৰদেৱ শিশু নিকেতনৰ ছাত্ৰী ৰাণী ফুকনে অসমৰ হৈ ৰাষ্ট্ৰীয় টাইকোৱাণ্ডো প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল। বিদ্যা ভাৰতী অখিল ভাৰতীয় শিক্ষা সংস্থান স্কুল গেমছ ফেডাৰেচন ( SGFI) ৰ দ্বাৰা আয়োজিত ১১খন ৰাজ্যৰ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰা ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত শ্ৰেষ্ঠ প্ৰতিযোগীৰ সন্মান অৰ্জন কৰিবলৈ সক্ষম হয়।

ৰাষ্ট্ৰীয় টাইকোৱাণ্ডো প্ৰতিযোগিতাত সোণৰ পদক লাভ কৰি নিকেতনৰ লগতে নগাঁও বিভাগ আৰু শিশু শিক্ষা সমিতি অসমলৈ গৌৰব কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in