বদলিৰ নিদেৰ্শৰ পিছতো চকী এৰি দিয়া নাই অভিযন্তা ৰাজদ্বীপ শইকীয়াই...

বদলিৰ নিদেৰ্শৰ পিছতো চকী এৰি দিয়া নাই অভিযন্তা ৰাজদ্বীপ শইকীয়াই...

author-image
Asomiya Pratidin
New Update
বদলিৰ নিদেৰ্শৰ পিছতো চকী এৰি দিয়া নাই অভিযন্তা ৰাজদ্বীপ শইকীয়াই...

ডিজিটেল সংবাদ, কামপুৰঃ কঠীয়াতলী উন্নয়ন খণ্ডৰ ঠিকাভিত্তিক অভিযন্ত্ৰা ৰাজদ্বীপ শইকীয়াৰ মইমতালিৰ ন ন তথ্য বহু ফাদিল হৈছে। কঠীয়াতলী উন্নয়ন খণ্ডৰ অন্তৰ্গত জুৰিপাৰ, কচুৱা, বৰপথাৰকে আদি কৰি কেইবাখনো পঞ্চায়তত ঠিকাভিত্তিক অভিযন্ত্ৰা হিচাবে কাৰ্যনিৰ্বাহ কৰি থকা ৰাজদ্বীপ শইকীয়াক পশ্চিম কলিয়াবৰ উন্নয়ন খণ্ডৰ ৰহঢলা গাঁও পঞ্চায়তলৈ শাস্তিমূলক বদলি নিদেৰ্শ দিয়ে নগাঁও জিলাৰ আয়ুক্ত নৰেন্দ্ৰ শ্বাহে।

Advertisment

ৰহস্যজনকভাৱে যোৱা ১৫মাৰ্চতে দিয়া আয়ুক্তগৰাকীৰ এই নিদেৰ্শকো কণিষ্ঠ অভিযন্ত্ৰাগৰাকীয়ে কেৰেপ নকৰি চকী এৰি দিব নিবিচৰাৰ অভিযোগ কৰিছে ৰাইজে।উল্লেখ্য যে ১৫মাৰ্চত বদলিৰ নিদেৰ্শ পোৱাৰ পিছতো ৰহস্যজনকভাৱে ৩০মাৰ্চত জুৰীপাৰ পঞ্চায়তৰ আঁচনিৰ মাষ্টাৰ ৰোলত এইজন ঠিকাভিত্তিক অভিযন্ত্ৰাৰ স্বাক্ষৰ হোৱাক লৈ সৰ্বত্ৰতে প্ৰতিক্ৰিয়া সৃষ্টি হৈছে।

আনফালে কঠীয়াতলী উন্নয়ন খণ্ড বিষয়া শ্বেতা পদ্মা শৰ্মাও এই গৰাকী ঠিকাভিত্তিক অভিযন্ত্ৰাক ৰক্ষণা -বেক্ষণ দিয়াৰ অভিযোগ উত্থাপিত হৈছে। ৰাইজৰ অভিযোগ উন্নয়ন খণ্ড বিষয়াগৰাকীৰ আৰ্শীবাদ পুষ্ট এইজন ঠিকাভিত্তিক অভিযন্ত্ৰাই উন্নয়ন খণ্ডটোত এক প্ৰকাৰ উঠি ৰজা-বহি ৰজা হৈ পৰিছিল। এইক্ষেত্ৰত নগাঁও জিলাৰ আমচুকে ধৰি বিভিন্নজনে প্ৰতিক্ৰিয়াও ব্যক্ত কৰিছে।

Also Read: সাংসদ নৱ শৰণীয়াক লৈ শংকা চৰকাৰৰ...

kampur