কামপুৰ উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ত কৃতী শিক্ষাৰ্থীৰ অভিনন্দন অনুষ্ঠান..

কামপুৰ উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ত কৃতী শিক্ষাৰ্থীৰ অভিনন্দন অনুষ্ঠান..

author-image
Asomiya Pratidin
New Update
কামপুৰ উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ত কৃতী শিক্ষাৰ্থীৰ অভিনন্দন অনুষ্ঠান..

ডিজিটেল সংবাদ,কামপুৰঃ নগাঁও জিলাৰ দক্ষিণ অঞ্চলৰ অগ্ৰণী শিক্ষানুষ্ঠান কামপুৰ উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ত আজি এক অভিনন্দন অনুষ্ঠান অনুষ্ঠিত হয়।

২০২৪ বৰ্ষৰ উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত কৃতীত্বৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰী সকলক সম্বৰ্ধনা জনায়। উল্লেখ্য যে, এইবেলি চৰকাৰী খণ্ডৰ বিদ্যালয়খনৰ পৰা উচ্চতৰ মাধ্যমিকত ৯৯.১৫% শতাংশ আৰু উচ্চ মাধ্যমিকত ৯০ শতাশ ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হৈছিল।

সোমবাৰে বিদ্যালয়ৰ কাৰ্যকৰী সভাপতি যতিন বৰাৰ সভাপতিত্বত অনুষ্ঠিত গাম্ভীৰ্যপূৰ্ণ সভাখনত মুখ্য অতিথি হিচাবে উপস্থিত থাকে বৰক'লা উচ্চতৰ মাধ্যমিকৰ অধ্যক্ষ প্ৰতাপ সিং।

অধ্যক্ষ সিঙে ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক উত্তৰনৰ ওপৰত বহুখিনি গুৰুত্বপূৰ্ণ ভাষণ আগবঢ়ায়। সভাখনত বিদ্যালয়ৰ অধ্যক্ষ জয়ন্ত গোস্বামীয়ে বিদ্যালয়ৰ শৈক্ষিক উন্নয়নত ছাত্ৰ-ছাত্ৰী সকলক প্ৰকৃত শিক্ষাদানেৰে আগুৱাই নিয়াত শিক্ষক সকলে লোৱা ভূমিকাক শলাগ লোৱাৰ লগতে কৃতী ছাত্ৰ-ছাত্ৰী সকলকো অভিনন্দন জ্ঞাপন কৰে।

বিদ্যালয় খনৰ শিক্ষক নীৰজ শ‌ইকীয়া আৰু সৌৰভ কুমাৰ বৰা, মৃগাক্ষী বৰঠাকুৰ আৰু যুগল শ‌ইকীয়াই আঁত ধৰা সভাখনত উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ মুঠ ১৮ গৰাকী, উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ৫৮ গৰাকী ছাত্ৰ-ছাত্ৰীক গামোচা মানপত্ৰ আদিৰে সম্বৰ্ধনা জনায়।

উল্লেখ্য যে উচ্চ মাধ্যমিক পৰীক্ষাত অসমীয়াত সৰ্বোচ্চ নম্বৰ পোৱা প্ৰতিক্ষা ভূঞালৈ বলোৰাম শইকীয়া সোঁৱৰণি বঁটা আগবঢ়োৱা হয়।তাৰোপৰি কেন্দ্ৰৰ ভিতৰতে কলা শাখাৰ ছাত্ৰী দৰ্শনা শ‌ইকীয়াই সৰ্বোচ্চ নম্বৰ লাভ কৰাত সম্বৰ্ধনা জনায়।ইয়াৰ উপৰিও বিভিন্ন বিষয়ত সৰ্বোচ্চ নম্বৰ পোৱা ছাত্ৰ-ছাত্ৰী সকলক প্ৰতিটো বিষয়ৰ শিক্ষক শিক্ষয়িত্ৰী সকলে কিতাপ, প্ৰমাণ পত্ৰ আৰু নগদ ধনেৰে সন্মানিত কৰে।

Also Read: ডিব্ৰুগড়ত তিনিচকীয়া অবৈধ CNG বাহন চালকৰ মইমতালিঃ এজনৰ প্ৰাণে মৰাৰ চেষ্টা

studetn felicitation Kampur Higher Secondary School