বিগত ৬০ বছৰে মেৰমতি নহ'ল কামপুৰ হাইস্কুলৰ জনজাতি আবাসগৃহৰ

বিগত ৬০ বছৰে মেৰমতি নহ'ল কামপুৰ হাইস্কুলৰ জনজাতি আবাসগৃহৰ

author-image
Asomiya Pratidin
New Update
বিগত ৬০ বছৰে মেৰমতি নহ'ল কামপুৰ হাইস্কুলৰ জনজাতি আবাসগৃহৰ

ডিজিটেল সংবাদ, কামপুৰঃ ১৯৫০ৰ পৰা ১৯৬০ চনৰ ভিতৰত সেই সময়ৰ কামপুৰৰ হাইস্কুলত চৰকাৰী অনুদানৰে নিৰ্মান কৰা হৈছিল জনজাতি ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এটা আৱাস গৃহ। বৰ্তমানৰ কামপুৰ উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ নামত থকা ৬বিঘা ভূমিত এই আৱাস গৃহটো নিৰ্মান কৰা হৈছিল।

Advertisment

বিশেষকৈ দক্ষিন নগাঁৱৰ সেই সময়ৰ একমাত্ৰ উচ্চশিক্ষানুষ্ঠান খনত দূৰ দূৰনিৰ পৰা অহা জনজাতীয় ছাত্ৰ-ছাত্ৰীসকলৰ থকা খোৱাৰ সুবিধাৰ বাবে বিদ্যালয়খনত চৰকাৰী আঁচনিৰ জৰিয়তে আৱাস গৃহটো নিৰ্মান কৰা হৈছিল। জানিব পৰা চৰকাৰে ছাত্ৰ আৱাসটো নিৰ্মানৰ পিছতেই তাত কিছু জনজাতি ছাত্ৰ থাকি বিদ্যলয়খনত অধ্যয়ন কৰিছিল যদিও ইয়াৰ কিছুমাহ পিছতেই আৱাসগৃহটো বন্ধ হৈ পৰিছিল।

মেৰামতিৰ অভাৱত বিগত ৬০ বছৰে জনজাতি আৱাস গৃহটো পৰিত্যক্ত হৈ পৰি আছে। যাৰ ফলত বৰ্তমান জহি খহি যাবলৈ ধৰিছে আৱাসগৃহটো। অভিযোগ মতে, চৰকাৰী ভাৱে জহি খহি যাবলৈ ধৰা আৱাস গৃহটোৰ মেৰামতিৰ কোনো ব্যৱস্থা লোৱা হোৱা নাই। উক্ত আৱাসগৃহটো শীঘ্ৰেই মেৰামতিৰ দাবী জনাইছে স্থানীয় ৰাইজে।

Also Read: বিশাখাপট্টনমৰ ভিজাগ বন্দৰত ভয়ংকৰ অগ্নিকাণ্ড : জুইত জাহ গ'ল ২৫ খনকৈ নাও

kampur highschool