কপিলীৰ বানত কামপুৰৰ ন ন অঞ্চল প্লাবিত: ভগ্ন মথাউৰিৰে সোমাইছে পানী...

মাইক যোগে প্ৰশাসনৰ সজাগতা সৃষ্টি...

author-image
Asomiya Pratidin
New Update
কপিলীৰ বানত কামপুৰৰ ন ন অঞ্চল প্লাবিত: ভগ্ন মথাউৰিৰে সোমাইছে পানী...

কপিলীৰ বানত কামপুৰৰ ন ন অঞ্চল প্লাবিত: ভগ্ন মথাউৰিৰে সোমাইছে পানী...

ডিজিটেল সংবাদ কামপুৰঃ কপিলী নৈৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ ফলত আজি কামপুৰৰ ন ন অঞ্চল প্লাৱিত হৈছে। খানদং বান্ধ খুলি দিয়াৰ ফলতে কামপুৰত ফেনে ফুটুকাৰে বৃদ্ধি হৈছে কপিলীৰ জলপৃষ্ঠ। ফলত বছৰৰ তৃতীয়টো বানৰ কবলত পৰিছে কামপুৰৰ বিভিন্ন অঞ্চল।

উল্লেখ্য যে, কামপুৰত বৰ্তমান বিপদসীমাৰ ওপৰেৰে বৈ আছে কপিলী নৈ। পটিয়াপামৰ ভগ্ন মথাউৰিৰে পানী সোমোৱাৰ ফলত তেঁতেলীসৰাৰ কঠীয়াতলীকে ধৰি সমগ্ৰ কামপুৰ আৰো কঠীয়াতলী মৌজালৈ শংকা নামি আহিছে।

কামপুৰ পৌৰসভাৰ অন্তৰ্গত বুঢ়াপতিয়া গাঁৱৰ সাতটা পৰিয়ালে কামপুৰৰ বুঢ়ামায়ঙৰ প্ৰাথমিক বিদ্যালয়ত আশ্ৰয় লৈছে। চাংজুৰাই, পটিয়াপাম, তিনি নং ৰে'ল গেটত কামপুৰ যমুনামুখ পথৰে হুৰা হুৰে বাগৰিছে পানী। এনে পৰিস্থিতিত নৈপৰীয়া ৰাইজক সজাগ আৰু সচেতন হৈ থাকিবলৈ মাইকযোগে আহ্বান জনাইছে কামপুৰ প্ৰশাসনে।

Also Read: ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী কাৰো ভাষণতে নাই মণিপুুৰৰ কথাঃ নিজৰে মাজতে যুঁজি আছে জনতা...

কামপুৰ কপিলী