/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/39ba598d-859b-4446-95fe-3db0c301dcfa/12.jpg)
ডিজিটেল সংবাদ,কামপুৰঃ শুকুৰবাৰে বিয়লিৰ পৰা কামপুৰৰ আন এখন নৈয়ে ৰুদ্ৰ ৰূপ ধাৰণ কৰাত বৃহত্তৰ তেতেঁলীসৰাকে ধৰি সমগ্ৰ কামপুৰ অঞ্চল জলমগ্ন হৈ পৰে। আনহাতে কামপুৰত কপিলী নৈৰ বান পৰিস্থিতি বৰ্তমানেও অপৰিবৰ্তিত হৈ আছে।
কপিলীৰ জলস্তৰ বৃদ্ধি হৈ কামপুৰ নগৰৰ বুঢ়াপটীয়া গাঁৱৰ মথাউৰিটোৰ ওপৰেদি কপিলীৰ বাঢ়নী পানী বাগৰাত ন ন অঞ্চল প্লাৱিত হৈছে। আজি পুৱা গাঁওখনৰ দুই স্থানত কপিলীৰ পানী পথৰ ওপৰেদি বাগৰাত অঞ্চলটোৰ ৰাইজৰ মাজত হাহাকাৰ সৃষ্টি হৈছে।
কামপুৰ তিনি নং ৰেল গেটৰ ওচৰত কেবাঠাইতো যোৱা নিশা পানী সোমোই বিস্তীৰ্ণ অঞ্চল প্লাৱিত কৰিছে। কামপুৰ কুঁৱৰীআটী আদৰ্শ গাৱৰ অৰ্ধশতাধিক পৰিয়াল বানৰ কৱলত পৰিছে। উক্ত স্থানৰ বানাক্ৰান্ত ৰাইজে মথাউৰিত শিবিৰ পাতি আশ্ৰয় লৈছে।
ঘৰৰ মূল্যবান সামগ্ৰী বাঢ়নী পানীয়ে উটুৱাই নিছে। বৃহত্তৰ এলেকাটোৰ ধেমাজি গাঁও, গুইমাৰী,পশ্চিম গুইমাৰী, বগলাজনকে আদি কৰি কুৰিখন গাঁৱত পানী সোমোৱাৰ ফলত ৰাইজৰ বিলাই বিপত্তি নোহোৱা হৈছে। গুইমাৰীত এখন বিদ্যালয় আৰু পশ্চিম গুইমাৰীত এটা স্বাস্থ্য কেন্দ্ৰ সম্পূৰ্ণ পানীত ডুব গৈ থকা পৰিলক্ষিত হৈছে।
ইপিনে পটিয়াপাম , চাংচকী, গাৰুখুন্দা, চাইবুকগাঁও,নলাপাৰ,দাপৰা,কপিলীকান, কুহিমাৰী,কুম্ভিৰডুবি,বকুলগুৰি, ,কলনী,চিমলাই আদি অঞ্চলত কপিলীৰ বানে তাণ্ডৱলীলা অব্যাহত ৰাখিছে।
পানী বাগৰাৰ ফলত লুতুমাৰী - যমুনামুখ পথ আৰু কামপুৰ-যমুনামুখ পথ বন্ধ হৈ থকাৰ ফলত যাতায়ত যোগাযোগ বন্ধ হৈ আছে। এই বাতৰি লিখা সময়লৈকে কপিলীৰ জলস্তৰ বিপদসীমাৰ ওপৰেদি বৈ আছে আৰু অধিক জলস্তৰ বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে।