/asomiyapratidin/media/media_files/2025/06/03/doaYqPLFnKEkeAoP6Ici.jpg)
ডিজিটেল সংবাদ কামপুৰঃ বিগত কেইবাদিনো ধৰি হোৱা নেৰা নেপেৰা বৰষুণৰ পিছত মধ্য অসমত ত্ৰাসৰ সৃষ্টি কৰিছে পাহাৰীয়া নৈ বৰপানী আৰু কপিলী নৈয়ে।দুয়োখন নৈ কামপুৰ ৰাজহচক্ৰৰ অন্তৰ্গত কামপুৰ, কঠীয়াতলী, গৰুবাট আৰু জৰবাৰী মৌজাৰ অধিকাংশ গাঁৱতে সংহাৰ সৃষ্টি কৰে।
আনফালে সোমবাৰৰ পৰা কপিলীৰ আন এখন উপনৈ নিশাৰীও ফেনে ফুটুকাৰে বাঢ়ি আহাত তেঁতেলীসৰা, কঠীয়াতলী, জুমৰমুৰ পঞ্চায়তৰ বহু গাঁৱৰ কৃষি ভূমিকে ধৰি ঘৰ-পথ আদিৰ ব্যাপক ক্ষতি সাধন হোৱাৰ সম্ভৱনাই দেখা দিছে। নিশাৰী নৈ বাঢ়নিপানী কামপুৰ-কঠীয়াতলী পথৰ পৰা টেলিআটি সংযোগী গড়কাপ্তানী পথৰ গোজোঙাহোলাত ব্যাপক ক্ষতি সাধন কৰাৰ লগতে কঠীয়াতলী মৌজাৰ টেপআটি-মহগড় পথটো খহনীয়া সৃষ্টি কৰাত যাতায়ত ব্যাহত হৈ পৰিছে।
তেঁতেলীসৰা পঞ্চায়তৰ টেলিআটি, কছাৰীখণ্ডাকে ধৰি বহু কেইখন গাঁও জলবন্দী হৈ পৰিছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us