/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/58033448-7456-4845-93bf-85da90b34765/kampur 16.jpg)
কামপুৰৰ পুৰণি বাছ আস্থানত উদ্ধাৰ যুৱকৰ নিঠৰ দেহ...
ডিজিটেল সংবাদ কামপুৰঃ মঙ্গলবাৰে কামপুৰৰ পুৰণি বাছ আস্থানৰ সমীপত উদ্ধাৰ হয় এটা মৃতদেহ। বাছ আস্থানৰ সমীপৰ এটা পৰিত্যক্ত জুপুৰীত উদ্ধাৰ হৈছে মৃতদেহটো।
জানিব পৰা মতে উদ্ধাৰ হোৱা মৃতদেহটো কামপুৰৰ পাছনিজাৰৰ সুমন ডেকাৰ বুলি চিনাক্ত। কিন্তু কি কাৰণত যুৱকজনৰ মৃত্যু হ'ল সেই বিষয়ে এতিয়াও কোনো কথা জানিব পৰা হোৱা নাই।
কেনেকৈ যুৱকজনৰ মৃতদেহ এই স্থানলৈ আহিল, কেনেকৈ মৃত্যু হ'ল, অথবা কোনোবাই হত্যা কৰিলে নেকি এই সকলো তথ্য আৰক্ষীৰ তদন্তৰৰ অন্ততহে জানিব পৰা যাব। ইতিমধ্যে আৰক্ষীয়ে সুমনৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰিছে।
Also Read: সুলভ মূল্যৰ দোকানীৰ বাবে কেন্দ্ৰই মুকলি কৰি দিলে ২৭২ কোটি, ১৪ লাখ টকা...