সুলভ মূল্যৰ দোকানীৰ বাবে কেন্দ্ৰই মুকলি কৰি দিলে ২৭২ কোটি, ১৪ লাখ টকা...

যোগানমন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে সামাজিক মাধ্যমৰ জৰিয়তে দিলে এই খবৰ

author-image
Asomiya Pratidin
New Update
সুলভ মূল্যৰ দোকানীৰ বাবে কেন্দ্ৰই মুকলি কৰি দিলে ২৭২ কোটি, ১৪ লাখ টকা...

সুলভ মূল্যৰ দোকানীৰ বাবে কেন্দ্ৰই মুকলি কৰি দিলে ২৭২ কোটি, ১৪ লাখ টকা...

ডিজিটেল ডেস্কঃ অৱশেষত ভাল খবৰ লাভ কৰিলে সুলভ মূল্যৰ ব্যৱসায়ীসকলে। দীৰ্ঘদিন ধৰি প্ৰাপ্যৰ পৰা বঞ্চিত হৈ অহা সুলভ মূল্যৰ দোকানীসকলে প্ৰাপ্য আদায়ৰ দাবীৰে প্ৰতিবাদ অব্যাহত ৰাখিছিল।

Advertisment

ইয়াৰোপৰি প্ৰাপ্য শীঘ্ৰেই আদায় নিদিলে ৰাজ্যৰ প্ৰায় ৩৩ হাজাৰ সুলভ মূল্যৰ দোকানীয়ে ২০২৬ ৰ বিধানসভা নিৰ্বাচনত উচিত প্ৰত্যুত্তৰ দিয়াৰো হুংকাৰ দিছিল। এনে পৰিস্থিতিৰ মাজতে কেন্দ্ৰীয় চৰকাৰে সুলভ মূল্যৰ দোকানীসকলৰ বাবে ২৭২ কোটি, ১৪ লাখ টকা মুকলি কৰি দিছে।

ৰাজ্যৰ যোগান মন্ত্ৰী ৰঞ্জীত কুমাৰ দাসে এই সন্দৰ্ভত এক্সৰ জৰিয়তে অৱগত কৰিছে। তেওঁ উল্লেখ কৰা অনুসৰি দোকানীসকলৰ কমিছনৰ বাবদ ১৮০ কোটি আৰু পৰিবহন ব্যয়ৰ নামত ৯১.৬৩ কোটি টকা মুকলি কৰি দিছে।

উল্লেখ্য যে, সুলভ মূল্যৰ ব্যৱসায়ীসকলে কৰি থকা আন্দোলনৰ অংশ হিচাপেই সোমবাৰৰ পৰা গুৱাহাটীৰ চচলত তিনি দিনীয়াকৈ এক বৃহৎ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হৈছিল। তেওঁলোকে মুঠ ১১ দফীয়া এক দাবী ঘোষণা কৰিছিল।

ইয়াৰ ভিতৰত আছিল ২০১৫ চনৰ ডিচেম্বৰ মাহৰ পৰা ২০১৯ চনৰ মাৰ্চ মাহলৈকে মুঠ ৪০ মাহৰ কৰ্মদিনৰ বাবদ প্ৰাপ্য ২৩২ কোটি টকা আদায় দিয়া, চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহৰ পৰা জুলাই মাহলৈ ৬ মাহৰ প্ৰাপ্য কমিছন আদায় দিয়া, প্ৰতি কুইণ্টল চাউলৰ কমিছনৰ ধন ৩০০ টকালৈ বৃদ্ধি কৰা, মাহিলি পৰিতোষিক ৩০ হেজাৰ টকা আদায় দিয়াটো নিশ্চিত কৰা ইত্যাদি।

সুলভ মূল্যৰ ব্যৱসায়ীসকলৰ এই তিনি দিনীয়া প্ৰতিবাদৰ মাজতে আজি কেন্দ্ৰীয় চৰকাৰে তেওঁলোকৰ প্ৰাপ্য ধন মুকলাই দিয়া বিষয়টোৱে স্বাভাৱিকতে এই ব্যৱসায়ীসকলক যথেষ্ট সকাহ প্ৰদান কৰিব। কিন্তু সমান্তৰালকৈ এই প্ৰশ্নও উত্থাপন হৈছে, প্ৰতিবাদ অবিহনে কিয় এইসকল ব্যৱসায়ীক প্ৰাপ্যৰ পৰা বঞ্চিত কৰি ৰখা হৈছিল?

Also Read: ত্ৰিপুৰাৰ কংগ্ৰেছ কৰ্মীৰ ওপৰত হোৱা আক্ৰমণৰ পৰ্যবেক্ষকৰ দায়িত্ব গৌৰৱ গগৈক

সুলভ মূল্যৰ দোকানী ৰঞ্জিত কুমাৰ দত্ত