/asomiyapratidin/media/media_files/2025/02/04/w4RMgtZbysV5IiP3ozUE.jpg)
ডিজিটেল সংবাদ, কামপুৰঃ কপিলীৰ খহনীয়া এলেকাত মথাউৰিৰ নিচেই কাষত চৰকাৰী ভূমি অবাধে খনন কাৰ্যত বাধা দিয়াৰ বাবেই এগৰাকী বিজেপি কৰ্মীক চোকা অস্ত্ৰৰে আক্ৰমণ ভূ-মাফিয়াৰ। নগাওঁ জিলাৰ কামপুৰ বনাঞ্চলিক কায্যালয়ৰ অন্তৰ্গত কুম্ভিৰডুবীত সংঘটিত হৈছে এই ঘটনা।
জানিব পৰা মতে মাইনুদ্দিন নামৰ বিজেপি কৰ্মীগৰাকীয়ে খহনীয়া এলেকাৰ মথাউৰিৰ কাষৰ চৰকাৰী ভূমি অবাধে খনন কৰাৰ বাবে বাধা প্ৰদান কৰিছিল। এই অবৈধ খননে বৃহত্তৰ কচুৱা, কামপুৰৰ প্ৰায় ২০ খন গাঁৱলৈ ভাবুকি কঢ়িয়াই আনিছে।
ইয়াৰ পূৰ্বে এনে খননৰ বাবেই কপিলীয়ে এই অঞ্চলসমূহত বানপানীৰে সন্ত্ৰাস সৃষ্টি কৰি আহিছে। সেয়ে বিষয়টোৰ গুৰুত্ব উপলব্ধি কৰি এনে অবৈধ খনন কাৰ্যত বাধা দিছিল মাইনুদ্দিনে।
ইয়াতে খৰ্গহস্ত হৈ ভূ-মাফিয়া জিয়াবুৰ ৰহমানৰ সহিতে বন মাফিয়াৰ এটা গুণ্ডা বাহিনীয়ে বিজেপি কৰ্মী মাইনুদ্দিনক চোকা অস্ত্ৰৰে আক্ৰমণ কৰে। সেই সময়ত মাইনুদ্দিনৰ ভাতৃ কলিম উদ্দিনে ককায়েকক ৰক্ষা কৰে।
পাছত ঘটনা সন্দৰ্ভত মাইনুদ্দিন কাষ চাপে কামপুৰ আৰক্ষীৰ। ইতিমধ্যে কামপুৰ আৰক্ষী থানাত ঘটনা সন্দৰ্ভত দাখিল কৰিছে এজাহাৰ। সমগ্ৰ ঘটনা সন্দৰ্ভত মাইনুদ্দিনে আৰক্ষী থানাৰ পৰাই তেওঁক উচিত ন্যায় দিবলৈ মুখ্যমন্ত্ৰী আৰু আৰক্ষী সঞ্চালক প্ৰধানলৈ আহ্বান জনাইছে।