কামপুৰত বিহু উদযাপনক লৈ বিতৰ্কৰ সন্দৰ্ভত কামপুৰ পৌৰসভাৰ সংবাদমেল

কামপুৰত মেজাংকৰি বিহু উদযাপনক লৈ সৃষ্টি হোৱা তীব্ৰ বিৰ্তকৰ মাজতে আজি কামপুৰ পৌৰসভাই এক সংবাদ মেল সম্বোধন কৰে। সংবাদ মেলত বিহু বাতিল কৰিবলৈ আবেদন কৰা নাছিল বুলি উল্লেখ।

author-image
Tushar Pratim
New Update
কামপুৰত বিহু উদযাপনক লৈ বিতৰ্কৰ সন্দৰ্ভত কামপুৰ পৌৰসভাৰ সংবাদমেল

ডিজিটেল সংবাদ কামপুৰঃ কামপুৰত মেজাংকৰি বিহু উদযাপনক লৈ তীব্ৰ বিৰ্তক সূত্ৰপাত হৈছে। উল্লেখ্য যে শনিবাৰে কামপুৰৰ নিউ ৰে'ল কলনিত মেজাংকৰী নামৰে এক বিহুৰ অনুষ্ঠানৰ আয়োজন কৰিছিল কামপুৰৰ কিছু সাংস্কৃতিক লোকে ।

Advertisment

কিন্ত কামপুৰ পৌৰ সভা আৰু কামপুৰ বজাৰ সমিতিয়ে জনোৱা আবেদনৰ পাছত প্ৰশাসনে বিহু অনুষ্ঠিত কৰাত বাধা আৰোপ কৰে । বিহুৰ কাৰ্যসূচী বাতিল কৰিব লগা হোৱাত আয়োজক সমিতিখনে তীব্ৰ ক্ষোভ উজাৰে।

ইফালে দেওবাৰে বিহু উদযাপন কৰিবলৈ উত্তোলন কৰা পতাকাৰ তলত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, লাচিত সেনা, ভাৰতীয় গণ নাট্য সংঘ অসম, যুৱ পৰিষদ, যুৱক সংঘ, কামপুুৰৰ সকলো দল সংগঠন তথা স্থানীয় ৰাইজ একগোট হৈ স্থানীয় উন্নতি সাধিনী প্ৰেক্ষা গৃহত ৰাজহুৱা সভা অনুষ্ঠিত কৰি বিহুৰ অনুষ্ঠান বাতিল কৰাসকলক বদন আখ্যা দিয়ে ।

কোনো শক্তিয়ে বিহু অনুষ্ঠান বন্ধ কৰিব নোৱাৰে বুলি হুংকাৰ প্ৰদান কৰি কামপুৰ টাউন কমিটিৰ ৮ জন ৱাৰ্ড কাউঞ্চিলৰ আৰু স্থানীয় তথা বঢ়মপুৰ সমষ্টিৰ বিধায়কক এঘৰীয়া কৰাৰ কথা ঘোষণা কৰে। সভাৰ অন্তত বিহু পতাকাৰ তলত উপস্থিত হৈ প্ৰতিবাদ মুখৰ হৈ পৰেসমূহ দল সংগঠন। 

সেই একে স্থানতে পুনৰ বিহু অনুষ্ঠিত কৰিবলৈ কামপুৰৰ ৰাইজ তথা দল সংগঠন ঐক্যবদ্ধ মত পোষণ কৰি সকলোৱে বিহু পতাকাৰ তলত একত্ৰিত হৈ শপতো গ্ৰহণ কৰে ৷ বিহু আয়োজক সমিতিৰ এই সিদ্ধান্তৰ পিছত আজি কামপুৰ পৌৰসভাই  বিতৰ্কিত ৰে'লৱে ভূমিত মেজাংকৰি বিহু অনুষ্ঠান বাতিল কৰাৰ সন্দৰ্ভত কামপুৰ পৌৰসভাৰ এখন সংবাদমেলৰ আয়োজন কৰে ৷

সংবাদ মেল সম্বোধন কৰি কামপুৰ পৌৰসভাই জানিবলৈ দিয়ে যে আমি বিহু পাতিবলৈ বাধা দিয়া নাই কেৱল বিহু অনুষ্ঠিত কৰা স্থান সলনি কৰিবলৈ হে অনুৰোধ জনাইছো। সংবাদমেলত পৌৰসভাই  জানিবলৈ দিয়ে বিহু অনুষ্ঠিত কৰিবলৈ লোৱা এলেকাটোত কিছুদিনৰ আগতে ৰে'ল বিভাগৰ এক উচ্ছেদ অভিযান চলিছিল যাৰ বাবে সেই অঞ্চলৰ বাসিন্দা সকল গৃহহাৰা হোৱাৰ লগতে বহুজনে জীৱিকাৰ পথ হেৰুৱাইছিল।

যাৰ বাবে এই লোকসকল মানসিক ভাৱে ভাগি পৰা বুলি উল্লেখ কৰে। আনফাৰে বিহু উদযাপন সমিতি আৰু বিধায়ক জিতু গোস্বামীৰ মাজত হোৱা আলোচনাত বিহুখন সেই ঠাইত অনুষ্ঠিত নকৰি কামপুৰ কেন্দ্ৰীয় ৰাস পথাৰ অথবা কামপুৰ ক্ৰীড়া সন্থাৰ খেল পথাৰত বিধায়ক গৰাকীয়ে উদযাপন কৰিবলৈ আহ্বান জনাই যদিও আয়োজক সমিতিখনে আকোৰগোজ মনোভাৱৰে সেই স্থানতে অনুষ্ঠিত কৰে বুলি সংবাদমেলত উল্লেখ কৰে পৌৰসভাই।

প্ৰশাসনক জনোৱা আৱেদনখনত বিহুখন স্থগিত আৰু স্থানান্তৰিত কৰিবৰ বাবেহে অনুৰোধ জনোৱা বুলি কয়। আনফালে বিহু সন্মিলনৰ আয়োজক তথা কৃষক মুক্তিৰ সভাপতি ৰাজু বৰাই কৰা মন্তব্যক তীব্ৰ সমালোচনা কৰে।

ভৱিষ্যতে এনে মন্তব্যৰ পৰা বিৰত থাকিবলৈয়ো কয়। অন্যথা পৌৰসভাৰ তৰফৰ পৰা তেওঁৰ বিৰুদ্ধে মানহানিৰ গোচৰ তৰিব বুলিও কয়। আজিৰ সংবাদমেলখনত উপস্থিত থাকে পৌৰসভাৰ সভাপতি ধৰিত্ৰী বৰুৱা, উপসভাপতি জয়ন্ত ফুকন, ৱাৰ্ড কমিচনাৰ ভূপেন লস্কৰ, চন্দন শইকীয়া আদি। 

ৰঙালী বিহু কামপুৰ