কলিয়াবৰত কামাখ্যা প্ৰসাদ তাছাৰ প্ৰচাৰ তুংগতঃ কেশৱ মহন্তক লৈ নামি পৰিছে পথ সভাত...

"জন প্ৰতিনিধিৰ ক্ষুদ্ৰ স্বাৰ্থৰ বাবেই চামগুৰি সমষ্টিৰ কংগ্ৰেছত খহনীয়া আৰম্ভ"- কামাখ্যা প্ৰসাদ তাছা
কলিয়াবৰত কামাখ্যা প্ৰসাদ তাছাৰ প্ৰচাৰ তুংগতঃ কেশৱ মহন্তক লৈ নামি পৰিছে পথ সভাত...
কলিয়াবৰত কামাখ্যা প্ৰসাদ তাছাৰ প্ৰচাৰ তুংগতঃ কেশৱ মহন্তক লৈ নামি পৰিছে পথ সভাত...

ডিজিটেল সংবাদ কলিয়াবৰঃ "জন প্ৰতিনিধি জনৰ ক্ষুদ্ৰ স্বাৰ্থৰ বাবেই এতিয়া কংগ্ৰেছৰ দূৰ্গ স্বৰূপ চামগুৰি সমষ্টিৰ কংগ্ৰেছত খহনীয়া আৰম্ভ হৈছে।"-এই মন্তব্য কাজিৰঙা লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰক্ষেপিত প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছাৰ।

উল্লেখ্য যে, কলিয়াবৰ বিধান সভা সমষ্টিত নতুনকৈ যোগ হোৱা চামগুৰি সমষ্টিৰ লৰিমুখ অঞ্চলকে ধৰি বিভিন্ন ঠাইত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহি সোমবাৰে সাংবাদিকৰে হোৱা কথা বতৰাত তাছাই এই মন্তব্য কৰে। ১০ নং কাজিৰঙা লোকসভা সমষ্টিৰ অন্তৰ্গত কলিয়াবৰ বিধানসভা সমষ্টিত দুদিনীয়া কাৰ্যসূচীৰে মাৰাথন নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহি বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছাই লগতে কয়-ইয়াৰ নেতাগৰাকীয়ে কাম নকৰাৰ বাবে চামগুৰি সমষ্টিটো এতিয়া একেবাৰে জৰাজীৰ্ণ অৱস্থালৈ গতি কৰিছে। ইয়াৰ ৰাইজে কংগ্ৰেছৰ পৰা পৰিত্ৰাণ বিচাৰিছিল যদিও এতিয়া নিশ্চিতভাৱে পৰিত্ৰাণ পাইছে।

সমষ্টিটোৰ প্ৰতিনিধিগৰাকীয়ে জাত-পাত, ধৰ্মৰ ৰাজনীতিৰে ক্ষমতা দখল কৰাৰ বিপৰীতে ক্ষুদ্ৰ স্বাৰ্থৰ বাবে অঞ্চলসমূহৰ উন্নয়ন নকৰাৰ অভিযোগ তুলি সৰৱ হয় তাছা। তেওঁ কয়- ক্ষুদ্ৰ স্বাৰ্থ আৰু বেয়া কামত জড়িত থকাৰ বাবে এনে কিছুমান অঞ্চলৰ কোনো উন্নয়নমূলক কাম কৰা দেখা নগ'ল।

তাছাই লগতে আৰু কয়- জন প্ৰতিনিধিগৰাকীয়ে ধৰ্মৰ নামত ৰাজনীতি কৰি ক্ষমতালৈ আহিল যদিও উন্নয়নৰ কাম একো নকৰিলে। কেৱল পাহাৰ সম সম্পত্তিহে গঢ়িলে। সাংবাদিকে সোধা এক প্ৰশ্নোত্তৰত তাছাই কয় যে, গড়ঁ হত্যাৰ সম্পৰ্কত তেওঁ মুখ নুখুলিলে আৰু অলপো দুখ প্ৰকাশ কৰা দেখা নগ'ল। সেই কাৰণে ৰাইজে তেওঁক অভিযুক্ত কৰিছে বুলিও তাছাই উল্লেখ কৰে।

সাংবাদিকসকলৰ সৈতে হোৱা বাৰ্তালাপত কামাখ্যা প্ৰসাদ তাছাই কয়- সাংবাদিকৰো মনত দুখ আছে । আপোনালোকে যিমান কাম কৰে সেই মতে মালিকপক্ষই পাৰিশ্ৰমিক নিদিয়ে৷

এদিন সাংবাদিকৰ সৈতে বুম নোহোৱাকৈ মনৰ কথা পাতিবলৈ বহিব বুলি উল্লেখ কৰি কামাখ্যা প্ৰসাদ তাছাই নিৰ্বাচনী সভাৰ মাজতে সংবাদকৰ্মীসকলক আশ্বাস দি কয়- সাংসদ হ’লে সাংবাদিকৰ কাৰণেও ভাল পদক্ষেপ ল’ম ৷ কিন্তু কেতিয়াবা টেনশ্যন দি দিয়ে। একলাইন লিখি দিয়ে সাংবাদিকে দুই দিনলৈ টেনশ্যন ল’ব লগা হয়। নিউজত ওলাবলৈ মই ক্ৰেজী নহয় ৷ ভাল কথা ক'লে মোক নুলিয়ায়। অৱশ্যে তাক লৈ মই চিন্তিত নহয়।

উল্লেখযোগ্য যে বৃহৎ নিৰ্বাচনী সভাৰ পৰিবৰ্তে স্থানীয় বিধায়ক তথা মন্ত্ৰী কেশৱ মহন্তক লগত লৈ সমষ্টিটোৰ পঞ্চায়তে পঞ্চায়তে পথ সভাৰ জৰিয়তে নিৰ্বাচনী প্ৰচাৰ চলাই কামাখ্যা প্ৰসাদ তাছাই ৰাইজৰ আশীৰ্বাদ লোৱা দেখা গ'ল। ইফালে মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকীৰ হৈ যৌথভাৱে নিৰ্বাচনী প্ৰচাৰত নামিছে অগপ-বিজেপি দুয়ো দলৰ কৰ্মী।

দেওবাৰৰ পৰা সোমবাৰলৈকে বিধানসভা সমষ্টিটোৰ ৩০ টাতকৈ অধিক স্থানত নিৰ্বাচনী প্ৰচাৰ সভাৰ আয়োজন কৰিছে অগপ-বিজেপি যৌথ নিৰ্বাচনী সমিতিয়ে। আজি কলিয়াবৰ বিধানসভা সমষ্টিত নতুনকৈ যোগ হোৱা চামগুৰি সমষ্টিৰ আমবাগান লৰিমুখ আদি বৃহৎ অঞ্চলটোত নিৰ্বাচনী প্ৰচাৰ চলোৱাত তাছা ব্যস্ত হৈ পৰে।

নিৰ্বাচনী প্ৰচাৰ চলি থকাৰ মাজতে একাংশ কংগ্ৰেছী লোকে কংগ্ৰেছী দালালৰ উৎপাতত থাকিব নোৱাৰি বিজেপি দলত যোগদান কৰা কেইজনমান সংখ্যালঘু ভোটাৰে সংবাদ মাধ্যমক ক্ষোভেৰে কয় যে, ৰকিবুল হুছেইনে সৃষ্টি কৰা দালাল ৰাজ ব্যৱস্থাই সৰ্বসাধাৰণ ৰাইজক অতিস্থ কৰি আহিছে। সেয়েহে বহু সংখ্যালঘু ভোটাৰ কংগ্ৰেছ এৰি বিজেপিমুখী হৈছে।

আজিৰ দিনটোত মন্ত্ৰী কেশৱ মহন্তক লগত লৈ কলিয়াবৰ সমষ্টিৰ লৰিমুখ, আমবাগান, চুলুং, শিলঘাট, সোণাৰি বাগান, জখলাবন্ধা, হাটবৰ আদি স্থানত নিৰ্বাচনী প্ৰচাৰ চলালে কামাখ্যা প্ৰসাদ তাছাই।

কলিয়াবৰত কামাখ্যা প্ৰসাদ তাছাৰ প্ৰচাৰ তুংগতঃ কেশৱ মহন্তক লৈ নামি পৰিছে পথ সভাত...
ৰাষ্ট্ৰপতি ভৱনত প্ৰদৰ্শিত হ'ল অসমীয়া ছবি 'মিনি'

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in