/asomiyapratidin/media/media_files/2024/11/22/bjzhRwzTWVUufhnw7Jjk.jpg)
ডিজিটেল সংবাদ,কলিয়াবৰঃ কলিয়াবৰৰ শিক্ষা মহাবিদ্যালয়ে গ্ৰহণ কৰিছে এটি প্ৰশংসনীয় পদক্ষেপ। সামাজিক দায়বদ্ধতাৰ নিদৰ্শন দেখুৱাই কলিয়াবৰ শিক্ষা মহাবিদ্যালয়ে নিজ চিলাবন্ধা গাঁৱত আজিৰে পৰা আৰম্ভ কৰিছে গাঁও প্ৰতিপালন কাৰ্যসূচী ।
শুকুৰবাৰে নিজ চিলাবন্ধাৰ শ্ৰীশ্ৰী গোপাল মাধৱ দেৱালয় প্ৰাঙ্গনত এই কাৰ্যসূচীৰ উদ্বোধন কৰে মন্ত্ৰী কেশৱ মহন্তই। এই কাৰ্যসূচীৰ জৰিয়তে নিজ চিলাবন্ধা গাঁওখনৰ সৰ্বাংগীণ উন্নয়নৰ বাবে অসম চৰকাৰৰ বিভাগসমূহৰ সহযোগত কলিয়াবৰ শিক্ষা মহাবিদ্যালয়ে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিব।
নিজ চিলাবন্ধা গাঁৱত শিক্ষা, স্বাস্থ্য, শিশু আৰু মহিলা সৱলীকৰণ, জীৱিকা, জনস্বাস্থ্য কাৰিকৰী আদি সকলো দিশতে জৰীপ চলাই গাঁওখন বিকশিত কৰি এখন আটকধুনীয়া গাঁৱলৈ ৰূপান্তৰ কৰাৰ বাবে মনোনিৱেশ কৰিব। এই কাৰ্যসূচী সাফল্যমণ্ডিত হোৱাৰ কামনা কৰি মন্ত্ৰী কেশৱ মহন্তই শ্ৰদ্ধাৰ নিজ চিলাবন্ধা গাঁৱৰ ৰাইজক এই কাৰ্যসূচীৰ প্ৰতি সহযোগিতা আগবঢ়াবলৈ আহ্বান জনাই ৷
উদ্বোধনী অনুষ্ঠানত কলিয়াবৰ শিক্ষা মহাবিদ্যালয়ৰ অধ্যক্ষ তিলেশ্বৰ কুম্বাং, খণ্ড প্ৰাথমিক শিক্ষা বিষয়া মানাই ক্ৰপি, কলিয়াবৰ শিক্ষা মহাবিদ্যালয় পৰিচালনা সমিতিৰ সহকাৰী সম্পাদক হিমেন ভূঞা, ব্ৰহ্মপুত্ৰ উপত্যকা এৰ’মেটিকেল ইণ্ডাষ্ট্ৰীৰ উদ্যোগী ৰঞ্জিত কুমাৰ বৰা সমন্বিতে কৃষি উন্নয়ন বিষয়া, উপ-হস্ততাঁত বিষয়া, সংশ্লিষ্ট বিভাগসমূহৰ বিষয়াসকল, কলিয়াবৰ শিক্ষা মহাবিদ্যালয়ৰ অধ্যাপক-অধ্যাপিকা আৰু শিক্ষাৰ্থীসকল উপস্থিত থাকে ৷