/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/13eb9b42-8213-4e27-99b6-0368cd840452/puranigudam_1.jpg)
২০০ বছৰৰো অধিক পুৰণি কালৰ সাঁচি পাতৰ পুথি সংৰক্ষণ কৰি ৰখা সংগ্ৰহালয়টো...
ডিজিটেল সংবাদ চামগুৰিঃ এটা বিশেষ সংগ্ৰাহালয়। আজিৰ পৰা ২৪ টা টা বছৰৰ পূৰ্বে প্ৰতিষ্ঠা হৈছিল এই বিশেষ সংগ্ৰহালয়টো। অসমীয়া জাতিৰ বহু মূল্যবান সামগ্ৰী সংৰক্ষিত হৈ থকা এই সংগ্ৰাহলয় স্থাপন হৈছিল ২০০০ চনৰ ১ জানুৱাৰীত।
নগাওঁ জিলাৰ পুৰণিগুদামৰ কলঙৰ পাৰত থকা এই সংগ্ৰহালয়টোৰ নাম 'কলং কলা কেন্দ্ৰ'। এই সংগ্ৰহালয়টোত সংৰক্ষণ কৰি ৰখা হৈছে বহু মূল্যবান সাঁচি পাতৰ পুথিৰ লগতে বহু আপুৰুগীয়া সম্পদ।
নতুন প্ৰজন্মই জানিবলগীয়া বা চাবলগীয়া বহু সমলেৰে পৰিপূৰ্ণ এই সংগ্ৰহালয়। ইয়াত সংৰক্ষিত হৈ আছো সাঁচি পাতৰ পুথিৰ লগতে বহু আপুৰুগীয়া সম্পদ। প্ৰায় ২০০খনৰো অধিক সাঁচি পাতৰ পুথি। ইয়াৰ ভিতৰত বহু কেইখন সাঁচি পাতৰ পুথিৰ বয়স ২০০ বছৰৰো অধিক।
এই সাঁচি পাতৰ পুথি দৰ্শন কৰিবলৈ সংগ্ৰাহালয়টোলৈ বিভিন্ন সময়ত আগমন ঘটে বহু দেশী-বিদেশী পৰ্যটকৰ। ইয়াৰোপৰি সংগ্ৰাহালয়টো সংৰক্ষণ কৰি ৰাখিছে মুখাশিল্পও। আছে অসমীয়া সমাজ, সংস্কৃতিৰে সৈতে জড়িত আন কেতবোৰ সম্পদ। যিবোৰ সকলোৰে বাবে হৈ পৰিছে আৰ্কষণৰ কেন্দ্ৰবিন্দু।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us