বহিঃৰাজ্যলৈ ৰেলেৰে যাত্ৰা কৰা পথত সন্ধানহীন কচুৱাৰ মজিবুৰ ৰহমান...

বহিঃৰাজ্যলৈ ৰেলেৰে যাত্ৰা কৰা পথত সন্ধানহীন কচুৱাৰ মজিবুৰ ৰহমান...

author-image
Asomiya Pratidin
New Update
বহিঃৰাজ্যলৈ ৰেলেৰে যাত্ৰা কৰা পথত সন্ধানহীন কচুৱাৰ মজিবুৰ ৰহমান...

ডিজিটেল সংবাদ,কামপুৰঃ কৰ্মসূত্ৰে বহিঃৰাজ্যলৈ যাত্ৰা কৰা নগাঁৱৰ ২ নং কচুৱা গাঁৱৰ মজিবুৰ ৰহমানৰ কোনো সন্ধান লাভ কৰা নাই পৰিয়ালৰ লোকে।শুকুৰবাৰে কেৰেলা অভিমুখী ৰেলেৰে যাত্ৰা কৰিছিল লোকজনে। কিন্তু মধ্যপ্ৰদেশৰ এটা ৰেল ষ্টেচনৰ পৰা মজিবুৰৰ কোনো শুংসূত্ৰ লাভ কৰা নাই আত্মীয়ই।

Advertisment

পৰিয়ালৰ লোকে ফোন যোগে পোৱা খবৰ অনুসৰি,কেইজনমান যুৱকে মজিবুৰক মাৰধৰ কৰি ক'ৰবাত লৈ যায়। দুদিন ধৰি মজিবুৰৰ কোনো সন্ধান নোপোৱাত পৰিয়ালটোত হাহাকাৰ পৰিবেশৰ সৃষ্টি হয়। ৫ টা সন্তানৰ পিতৃ মজিবুৰ পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জকাৰী।

কনমানি সন্তান কেইটাই মজিবুৰৰ সন্ধান উলিয়াই দিবলৈ কান্দি কান্দি মুখ্যমন্ত্ৰীক আহ্বান জনোৱা লগতে কোনো সদাশয় লোকে মজিবুৰৰ সম্ভেদ পালে 9387018635 নম্বৰত পৰিয়ালৰ সৈতে যোগাযোগ কৰিবলৈ আহ্বান জনায়।

Also Read: মন্ত্ৰী অতুল বৰা-কেশৱ মহন্তৰ তৎপৰতাত প্ৰাক্তন মন্ত্ৰী থানেশ্বৰ বড়োক জিএমচিত ভৰ্তি

nagaon news kampur latest news kachuwa person missing