কচুৱাৰ ৱাৰ্ড সদস্যা প্ৰাৰ্থীৰ অগপ দলত যোগদান

সদস্যা গৰাকীয়ে বিজেপি আৰু অগপৰ মিত্ৰজোঁট চৰকাৰৰ উন্নয়নমূলক কাম-কাজত সন্তুষ্ট হৈ, অগপ দলত যোগদান কৰা বুলি জানিব দিয়ে। উক্ত যোগদান কাৰ্যসূচীত উপস্থিত ৰহা সমষ্টিৰ ধৰ্মীয় সংখ্যালঘুৰ সভাপতি ইমৰান হুছেইন...

author-image
Asomiya Pratidin
New Update
dasd

ডিজিটেল সংবাদ,কামপুৰঃ  আজি নগাঁও লোকসভা সমষ্টিৰ অন্তৰ্গত ৰহা সমষ্টিৰ কচুৱাৰ প্ৰমিলা পঞ্চায়তৰ ২ নং ৱাৰ্ড সদস্যা প্ৰাৰ্থী ছাবিনা য়াছমিন অগপ দলত যোগদান কৰে। ছাবিনা য়াছমিনে
প্ৰমিলা পঞ্চায়তৰ ২ নং ৱাৰ্ডত সদস্যা পদত বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হৈছিল।

Advertisment

আজি সদস্যা গৰাকীয়ে বিজেপি আৰু অগপৰ মিত্ৰজোঁট চৰকাৰৰ উন্নয়নমূলক কাম-কাজত সন্তুষ্ট হৈ, অগপ দলত যোগদান কৰা বুলি জানিব দিয়ে। উক্ত যোগদান কাৰ্যসূচীত ৰহা সমষ্টিৰ ধৰ্মীয় সংখ্যালঘুৰ সভাপতি ইমৰান হুছেইন, প্ৰমীলা পঞ্চায়তৰ মিত্ৰ যোটৰ আঞ্চলিক পদৰ প্ৰাৰ্থী নিকেশ বিশ্বাস, প্ৰমীলা পঞ্চায়তৰ অগপ দলৰ আঞ্চলিকৰ সভাপতি মুজিবৰ ৰহমান,অগপ দলৰ পঞ্চায়ত নিৰ্বাচনৰ পৰ্যবেক্ষক আবুল কালাম আজাদৰ, বিজেপি দলৰ প্ৰদেশ সদস্য আচহাদ উল্লা চৌধুৰী লগতে মিত্ৰজোঁট দলৰ বহু কেইজন বিশিষ্ট ব্যক্তিয়ে উপস্থিত থাকে।

কচুৱা