/asomiyapratidin/media/post_attachments/asomiyapratidin/import/2021/07/dangor-khobr-19.jpg)
ডাঙৰ খবৰ
ডিজিটেল সংবাদ,নগাঁওঃ এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে নগাঁৱৰ কচুৱা তিনিআলি বজাৰৰ মাজ মজিয়াত। চিনেমাৰ কাইদাৰে পেট্ৰ'ল ঢালি জীৱন্তে জ্বলাই দিয়াৰ চেষ্টা এজন গাড়ী চালকক। কচুৱাৰ ৰমনী পথাৰৰ গাড়ী চালক লোকমান আলীক চফিকুল ইছলাম নামৰ এজন লোকে পেট্ৰ'ল ঢালি জুই জ্বলাই দিয়াৰ অভিযোগ উত্থাপন হৈছে।
দিনৰ ভাগত কথাৰ কটা-কটি হোৱাত নিশা প্ৰায় ১১ বজাত লোকমান আলী নামৰ গাড়ী চালকজনে তিনিআলি বজাৰত গাড়ীৰ পৰা নমা মাত্ৰই চফিকুল ইছলামে লোকজনক পেট্ৰ'ল ঢালি দি গাত জুই লগাই দিয়াৰ অভিযোগ উত্থাপন হৈছে। লগে লগে স্থানীয় লোকে লোকমান আলিক উদ্ধাৰ কৰে যদিও পেট্ৰ'লৰ জুইত গুৰুতৰভাৱে আহত হয় লোকমান।
ইয়াৰ পিছতেই কচুৱা তিনিআলী বজাৰত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ।পেট্ৰ'ল নিক্ষেপ কৰা ছফিকুলক স্থানীয় ৰাইজে উত্তম মাধ্যম সোধায়। ঘটনাস্থলীত তৎক্ষণাত কচুৱা আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। বৰ্তমান লোকমান আলী গুৱাহাটী জিএমচিএইচ ত চিকিৎসাধীন।
এই ঘটনাৰ পাছতে লোকমানৰ পিতৃ আলী মিঞাই কচুৱা আৰক্ষী থানাত ছফিকুল ইছলামৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে। ঘটনাটোৰ উচিত তদন্ত কৰি দোষীক কঠোৰ শাস্তি প্ৰদান কৰিবলৈ কচুৱা তিনিআলী শ্ৰমিক সন্থাৰ সভাপতি ছইদুৰ ৰহমানৰ লগতে কচুৱা অঞ্চলৰ সচেতন মহলে দাবী জনাইছে ৷
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us