নিশা নগাঁৱৰ কচুৱাত ড্রাগছ-গাঞ্জাসহ গ্ৰেপ্তাৰ সৰবৰাহকাৰী...

নিশা নগাঁৱৰ কচুৱাত আৰক্ষীৰ ড্রাগছ বিৰোধী অভিযান।অভিযানত আৰক্ষীয়ে জব্দ বুজন পৰিমাণৰ ড্রাগছ আৰু গাঞ্জা।

author-image
Asomiya Pratidin
New Update
নিশা নগাঁৱৰ কচুৱাত ড্রাগছ-গাঞ্জাসহ গ্ৰেপ্তাৰ সৰবৰাহকাৰী...

ডিজিটেল সংবাদ, নগাঁওঃ নিশা নগাঁৱৰ কচুৱাত আৰক্ষীৰ ড্রাগছ বিৰোধী অভিযান।অভিযানত আৰক্ষীয়ে জব্দ বুজন পৰিমাণৰ ড্রাগছ আৰু গাঞ্জা। লগতে গ্ৰেপ্তাৰ কৰিছে তিনিজনকৈ সৰবৰাহকাৰীক। কচুৱা আৰক্ষীয়ে গোপন সূত্ৰৰ খবৰৰ ভিত্তিত কচুৱা থানাৰ অন্তৰ্গত সোণাৰুগুৰিৰ দিলোৱাৰ হুছেইনৰ নামৰ লোকজনৰ বাসগৃহত চলাইছল এই অভিযান।

Advertisment

কচুৱা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰাজা ঈৰশ্বাদৰ নেতৃত্বত চলা এই অভিযানত দুটা চাবোনৰ বাকচত ২৬.২০ গ্ৰাম হেৰ'ইন আৰু ৩.১১৪ কেজি ভাং জব্দ কৰে। ড্ৰাগছ সৰবৰাহৰ লগত জড়িত থকাৰ অভিযোগত মহিলাসহ তিনিজন লোকক আটক কৰে আৰক্ষীয়ে। আটকাধীন ব্যক্তি কেইজন দিলোৱাৰ হুছেইন(৫০) আৰু দিলোৱাৰ হুছেইনৰ দুই পত্নী ক্ৰমে সাজিদা বেগম (৩৭) আৰু চুলেমা খাতুন(২৬)।

উল্লেখ্য যে, ইতিমধ্যে আৰক্ষীয়ে তিনিওজনৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰা বুলি জানিব পৰা গৈছে।

Also Read: ভাৰতীয় ফুটবল অনুৰাগীলৈ ভাল খবৰঃ আহি আছে নেইমাৰ...

Assam police