কচুৱা জুনিয়ৰ কলেজত নৱাগত আদৰণি আৰু সম্বৰ্ধনা সভা

কচুৱা জুনিয়ৰ কলেজত নৱাগত আদৰণি আৰু সম্বৰ্ধনা সভা

ডিজিটেল সংবাদ, কামপুৰঃ নগাঁও জিলাৰ কচুৱা তিনিআলিস্থিত কচুৱা জুনিয়ৰ কলেজত নৱাগত আদৰণি আৰু সম্বৰ্ধনা অনুষ্ঠান অনুস্থিত হয়। বিগত বৰ্ষৰ দৰে এইবাৰো বিভিন্ন কাৰ্য্যসূচীৰে দুদিনীয়াকৈ অনুষ্ঠিত কৰা হয় নৱাগত আদৰণি সভা।

প্রথম দিনটোতেই পুৱা ৭ বজাত পতাকা উত্তোলন কৰে কচুৱা তিনিআলি মহাবিদ্যালয়ৰ অধ্যক্ষ ফজলুল কাদিৰ আৰু কচুৱা তিনিআলি জুনিয়ৰ কলেজৰ অধ্যক্ষ আবুল হাচানে। পতাকা উত্তোলন কৰি বৃক্ষ ৰোপণ, ৮ বজাত বৃহৎ সাংস্কৃতিক যাত্ৰা, আৰু ১ বজাত মুকলি সভা অনুষ্ঠিত কৰা হয়।

কচুৱা তিনিআলী মহাবিদ্যালয়ৰ অধ্যক্ষ ফইলুল কাদিৰৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত কৃতি ছাত্ৰ-ছাত্ৰীক ফুলাম গামোচা, মানপত্ৰ, আদিৰে সম্বদ্ধনা জনোৱা হয়। উক্ত মুকলি সভাত উপস্থিত থাকে ৰহা সমষ্টিৰ বিধায়ক শশী কান্ত দাস, বৈঠালাংছু মহাবিদ্যালয়ৰ অধ্যক্ষ বিশ্বজিৎ ৰয়, সমাজৰ বহু গণ্য মান্য ব্যক্তিকে ধৰি দুয়োখন মহাবিদ্যালয় ছাত্ৰ-ছাত্ৰী সকল।

কচুৱা জুনিয়ৰ কলেজত নৱাগত আদৰণি আৰু সম্বৰ্ধনা সভা
দ্বাদশ মৃত্যু বাৰ্ষিকীতো এলাগী হৈ ৰ'ল সুধাকণ্ঠৰ কুঠৰীস্থিত বাসগৃহ

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in