
ডিজিচেল সংবাদ, কাজিৰঙাঃ দেওবাৰে সুধাকণ্ঠৰ দ্বাদশ স্মৃতি দিৱস ৷ গীতে-মাতে বৰেণ্য ব্যক্তিগৰাকীক সোঁৱৰিব ৰাজ্যবাসীয়ে ৷ কিন্তু মৃত্যু বাৰ্ষিকীৰ দিনটোত নিমাওমাও পৰিৱেশ কাজিৰঙাৰ কুঠৰীত থকা ভূপেনদাৰ বাসগৃহত ৷ ভূপেনদাৰ বাসগৃহৰ চোৱাচিতাৰ দায়িত্বত থকা সুৰেন নেওগে ধূপ-বন্তি জ্বলাই স্মৰণ কৰিছে সুধাকন্ঠক।
উল্লেখ্যে যে, ১৯৫৮ চনতে ভূপেনদাই কুঠৰীত নিৰ্মাণ কৰা বাসগৃহটিৰ বৰ্তমানৰ অৱস্থা অত্যন্ত দুখলগা ৷ কিন্তু, অসমীয়াৰ প্ৰাণৰ ব্যক্তিগৰাকীৰ স্মৃতি সুন্দৰভাৱে ৰখাটো চৰকাৰৰ দায়িত্ব আছিল যদিও এইক্ষেত্ৰত যেন চূড়ান্ত উদাসীন চৰকাৰী পক্ষ।
সুৰেন নেওগে কয় যে, সুধাকণ্ঠৰ বিভিন্ন স্মৃতি বিজড়িত বাসগৃহটি সংৰক্ষণ সম্বন্ধে অসম বিজেপিৰ প্ৰথমটো কাৰ্যকালৰ প্ৰথমখন কেবিনেটতে সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল আৰু পৰৱৰ্তী সময়ত তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু স্থানীয় বিধায়ক তথা মন্ত্ৰী কেশৱ মহন্ত উপস্থিত হৈছিল বাসগৃহটিত৷ কিন্তু, আজিও কুঠৰীৰ সুধাকণ্ঠৰ বাসগৃহটি তথা স্মৃতি বিজড়িত কোনো সমল সংৰক্ষিত নহ’ল৷ উল্লেখ্য যে, সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ কুঠৰীৰ বাসগৃহটি ১৯৭৪ চনৰে পৰা চোৱাচিতা কৰি আহিছে সুৰেণ নেওগে।