প্ৰসংগ- জোনমনি ৰাভা : আৰক্ষী অধীক্ষকক চিবিআইৰ জেৰা

প্ৰসংগ- জোনমনি ৰাভা : আৰক্ষী অধীক্ষকক চিবিআইৰ জেৰা

ডিজিটেল সংবাদ, নগাঁও: পুনৰ তৎপৰ হৈ উঠিছে এছ আই জোন মণি ৰাভাৰ মৃত্যুৰ ঘটনাৰ তদন্তকাৰী চি বি আই দল৷ বুধবাৰে তদন্তকাৰী চি বি আই দলটোৰ বিষয়াসকলে দুৰ্ঘটনাস্থলীত উপস্থিত হৈ জোনমনি ৰাভাৰ দুৰ্ঘটনাগ্ৰস্থ বাহনৰ পৰা উদ্ধাৰ কৰিছিল দুটা মোবাইল ফোন।

তদন্তকাৰী চি বি আই দলটোৱে ঘটনাৰ ১৪৩ দিনৰ পিছত আৰক্ষী অধীক্ষক পৰ্যায়ৰ বিষয়া বেদান্ত মাধব ৰাজখোৱাক জেৰা কৰে ৷ পূৰ্বৰ লক্ষীমপুৰৰ আৰক্ষী অধীক্ষক বেদান্ত মাধব ৰাজখোৱাক চিবিআইয়ে তলব কৰাৰ পিছত বৃহস্পতিবাৰে পুৱা ৯.৩০ বজাত এ পি এছ ৰাজখোৱা নগাঁও আবৰ্তভৱনত উপস্থিত হয় ৷

লক্ষীমপুৰৰ পূৰ্বৰ আৰক্ষী অধীক্ষক বেদান্ত মাধব ৰাজখোৱাৰ পিছতে চি বি আইৰ জেৰা জিলাখনৰ পূৰ্বৰ অতিৰিক্ত আৰক্ষী অধীক্ষক লুনা নেওঁগক ৷ দিনৰ প্ৰায় ১১ বজাত এ পি এছ নেওঁগ হাজিৰ হয় নগাঁও আবৰ্ত ভৱনত ৷ এছ আই জোন মণি ৰাভাৰ মৃত্যুৰ ঘটনাৰ সন্দৰ্ভত এ পি এছ লুনা নেওঁগক জেৰা চলাবৰ বাবে চি বি আইয়ে চমন জাৰি কৰিছিল৷ বিশেষকৈ নকল সোণৰ ব্যৱসায়ীৰে নেওঁগৰ সম্পৰ্ক থকা বুলি আলোচিত হৈছিল৷

জানিব পৰা মতে লক্ষীমপুৰত সেইসময়ত কৰ্মৰত এজন পৰিদৰ্শক, উপ-পৰিদৰ্শক, সহকাৰী উপ-পৰিদৰ্শককো সোধপোচৰ বাবে চি বি আইয়ে চমন জাৰি কৰিছে ৷

প্ৰসংগ- জোনমনি ৰাভা : আৰক্ষী অধীক্ষকক চিবিআইৰ জেৰা
বৰষুণৰ ফলত খহি পৰিল চিৰিয়াখানাৰ গাৰ্ডৱাল

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in