/asomiyapratidin/media/media_files/2025/02/25/VzLVS9KkFXkTOnqJuTE4.webp)
ডিজিটেল সংবাদ, বটদ্ৰৱা: নগাঁও জিলাৰ দক্ষিণ-পশ্চিম প্ৰান্তৰ জুমৰমুৰত কালি সংঘটিত হোৱা এক পথ দুৰ্ঘটনাত দুজন বাইক আৰোহী গুৰুতৰভাবে আহত হয় ৷ আহত দুই বাইক আৰোহী হৈছে জিলাখনৰ বেবেজীয়াৰ জ্যেষ্ঠ সাংবাদিক জয়ন্ত মুদৈ আৰু জংগম বহুমুখী সমবায় সমিতিৰ সভাপতি ৰাজীৱ হাজৰিকা ৷
প্ৰাপ্ত খবৰ মতে, নিজ কঠিয়াতলীৰ বামুণী গোঁসাই থানত অনুষ্ঠিত হোৱা জুমৰমুৰৰ জংগম বহুমুখী সমবায় সমিতিৰ বাৰ্ষিক সাধাৰণ সভাত ভাগ লৈ এখন বাইকেৰে দুয়ো গৃহাভিমুখে আহি থকা অৱস্থাত জুমৰমুৰত পথ অতিক্ৰম কৰিবলৈ বিচৰা এটা কুকুৰক বছাবলৈ গৈ নিয়ন্ত্ৰণ হেৰুৱাই বাইকসহ দুয়োজন পথৰ ওপৰতে বাগৰি পৰাত উক্ত দুৰ্ঘটনাটো সংঘটিত হয় ৷
বাইক আৰোহী সাংবাদিক জয়ন্ত মুদৈৰ সোঁভৰিৰ হাড় ভগাৰ লগতে হাতত বেয়াকৈ আঘাত পোৱাৰ বিপৰীতে আনজন বাইক আৰোহী ৰাজীৱ হাজৰিকাৰ বাঁও হাতৰ আঙুলি ভগাৰ লগতে মুখমণ্ডল আৰু ভৰিত যথেষ্ট আঘাত পায় ৷
দুৰ্ঘটনাটো সংঘটিত হোৱাৰ লগে লগে জংগম বহুমুখী সমবায় সমিতিৰ সম্পাদক ভুপেন নাথসহ বিষয়-ববীয়াসকল উপস্থিত হৈ স্থানীয় ৰাইজৰ সহযোগত দুয়োকে উদ্ধাৰ কৰি কঠিয়াতলী স্বাস্থ্যকেন্দ্ৰত ভৰ্তি কৰায় যদিও আঘাত গুৰুত্বৰ হোৱাত পিছত আহত দুয়োকে উন্নত চিকিৎসাৰ বাবে নগাঁও চিকিৎসা মহাবিদ্যালয় হস্পিতাললৈ প্ৰেৰণ কৰে৷ বৰ্তমান দুয়ো বিপমুক্ত বুলি চিকিৎসকে জানিবলৈ দিছে৷