জিলাই জিলাই শিশু সুৰক্ষা সমিতি-জুভাইন্যেল জাষ্টিচ ব'ৰ্ডৰ বহু অধ্যক্ষসহ শতাধিক পদ খালী

শেহতীয়াকৈ ৰাজ্য চৰকাৰ বাল্য বিবাহৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিছে। বাল্য বিবাহৰ লগত জড়িত বহুতৰ গ্ৰেপ্তাৰ কৰাৰ লগতে এনে অপৰাধত লিপ্ত নহ'বলৈ জিলাই জিলাই ব্যাপক সতৰ্কতা মুলক ব্যৱস্থা হাতত লৈছে।
জিলাই জিলাই শিশু সুৰক্ষা সমিতি-জুভাইন্যেল জাষ্টিচ ব'ৰ্ডৰ বহু অধ্যক্ষসহ শতাধিক পদ খালী

ডিজিটেল সংবাদ, নগাঁওঃ শেহতীয়াকৈ ৰাজ্য চৰকাৰ বাল্য বিবাহৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিছে। বাল্য বিবাহৰ লগত জড়িত বহুতৰ গ্ৰেপ্তাৰ কৰাৰ লগতে এনে অপৰাধত লিপ্ত নহ'বলৈ জিলাই জিলাই ব্যাপক সতৰ্কতা মুলক ব্যৱস্থা হাতত লৈছে।

তদুপৰি, বাল্য বিবাহৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ আৰু সজাগতা সৃষ্টিৰ বাবে জিলাই জিলাই উপায়ুক্তক অধ্যক্ষ আৰু প্ৰতিখন আৰক্ষী থানাৰ সহকাৰী ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াক লৈ থানা ভিত্তিক এখন সমিতি গঠন কৰি বাল্য বিবাহৰ বিৰুদ্ধে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰৰ তৰফৰ পৰা কঠোৰ নিৰ্দেশ দিয়া হৈছে।

ঠিক সেই সময়তে ০ ৰ পৰা ১৮ বছৰ বয়সৰ নিৰাশ্ৰয়, পথভ্ৰষ্ট, নিৰ্যাতিত শিশু সকলৰ সকলো ধৰণৰ তত্বাৱধনা আৰু সুৰক্ষাৰ কাৰণে জিলা ভিত্তিত গঠিত শিশু সুৰক্ষা সমিতি(চি ডব্লিউ চি)ৰ অধ্যক্ষকে ধৰি প্ৰায় শতাধিক সদস্য পদ দীৰ্ঘদিন ধৰি খালী হৈ থকাৰ এক তথ্য শেহতীয়াকৈ পোহৰলৈ আহিছে। অকল চি ডব্লিউ চিয়েই নহয় শিশুৰ অপৰাধজনিত ঘটনাৰ বিচাৰ-কাৰ্য সম্পন্ন কৰিবলৈ জিলা ভিত্তিত গঠিত জুভাইন্যেল জাষ্টিচ ব'ৰ্ড (জে জে বি)ৰ বহু কেইটা সদস্য পদো দীৰ্ঘদিন ধৰি খালী হৈ থকা ঘটনাই প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

উল্লেখ্য যে অসম চৰকাৰৰ সমাজ কল্যাণ বিভাগৰ অধীনত থকা ৰাজ্যিক শিশু সুৰক্ষা সমিতিয়ে অলপতে প্ৰকাশ কৰা SCPS(G)20/2010/Pt-1 নম্বৰৰ বিজ্ঞাপন যোগে এইদৰে জিলা শিশু সমিতি(চি ডব্লিউ চি)ৰ মুঠ অধ্যক্ষ পদ ১৩টা, ৬৫ টা সদস্য পদ খালী হৈ আছে। একেদৰে, ৰাজ্যৰ ১৭খন জিলাত জুভাইন্যেল জাষ্টিচ ব'ৰ্ডৰ মুঠ ২৯ টা সদস্য পদ খালি হৈ আছে। সেই অনুসৰি, কৰিমগঞ্জ জিলাত চি ডব্লিউ চিৰ অধ্যক্ষ সহ ৫টা পদ, বৰপেটা জিলাত অধ্যক্ষ সহ দুটা পদ, কাছাৰ জিলাত এটা সদস্য পদ, কামৰূপ জিলাত এটা সদস্য পদ, তিনিচুকীয়া জিলাত দুটা সদস্য পদ, উদালগুৰি জিলাত অধ্যক্ষৰ পদ, দৰঙত অধ্যক্ষ সহ পা‍ঁচটা সদস্য পদ, ডিমা হাচাওত অধ্যক্ষ সহ পাঁচটা সদস্য পদ, ধুবুৰীত দুটা সদস্য পদ, গোৱালপাৰাত অধ্যক্ষ সহ পা‍ঁচটা সদস্য পদ, গোলাঘাটত অধ্যক্ষ সহ পা‍ঁচটা সদস্য পদ, হাইলাকান্দি জিলাত দুটা সদস্য পদ, মৰিগাঁৱত দুটা সদস্য পদ, নগাঁৱত চাৰিটা সদস্য পদ, শিৱসাগৰ, বিশ্বনাথ আৰু শোনিতপুৰ জিলাত এটাকৈ সদস্য পদ, মাজুলীত তিনিটা সদস্য পদ, উত্তৰ কাৰ্বি আংলং জিলাত অধ্যক্ষ সহ পা‍ঁচটা সদস্য পদ, চৰাইদেউত, কাৰ্বি আংলং, উত্তৰ শালমাৰা, কোকৰাঝাৰ আৰু হোজাই জিলাত অধ্যক্ষ সহ পা‍ঁচটাকৈ সদস্য পদ খালী হৈ আছে।

একেদৰে জুভাইন্যেল জাষ্টিচ ব'ৰ্ডৰ কৰিমগঞ্জ, কাৰ্বি আংলং,,দৰং, ডিমা হাচাও, গোৱালপাৰা, গোলাঘাট, উত্তৰ কাৰ্বি আংলং, বিশ্বনাথ, চৰাইদেউ, উত্তৰ শালমাৰা, কোকৰাঝাৰ আৰু কাছাৰ জিলাত দুটাকৈ সদস্য পদ, বঙাইগাঁও, মৰিগাঁও, হাইলাকান্দি আৰু হোজাই জিলাত এটাকৈ সদস্য পদ, উত্তৰ শালমাৰা মানকাছাৰ জিলাত তিনিটাকৈ সদস্য পদ সহ মুঠ ২৯ টা সদস্য পদ খালী হৈ থকা বুলি উল্লেখ কৰি সদস্য পদ বিচাৰি বিজ্ঞাপনযোগে আবেদন পত্ৰ বিচাৰিছিল। ইয়াৰ ভিত্তিতে উপায়ুক্তক অধ্যক্ষ হিচাপে লৈ গঠিত প্ৰতিটো জিলা বাচনি সমিতিয়ে যোগ্যতাৰ ভিত্তিত প্ৰস্তুত কৰা সদস্য বাচনি প্ৰক্ৰিয়া সমাপ্ত কৰাৰ আজি প্ৰায় ছয়মাহ উকলি যোৱাৰ পাছতো ৰাজ্যিক শিশু সুৰক্ষা সমিতিয়ে চুড়ান্ত তালিকা প্ৰকাশ কৰিব পৰা নাই।

জানিব পৰা মতে, ৰাজ্য চৰকাৰৰ সমাজ কল্যাণ বিভাগৰ সেউজ সংকেত নোপাৱাৰ বাবে বাচনিকৃত পেনেল তালিকাখন জিলা উপায়ুক্ত কাৰ্যালয়ত দীৰ্ঘদিন ধৰি পৰি আছে। যাৰ বাবে ৰাজ্যিক শিশু সুৰক্ষা সমিতিলৈ জিলা উপায়ুক্ত‌ই চুড়ান্ত অনুমোদনৰ বাবে তালিকাখন পঠাবলৈ সক্ষম হোৱা নাই। এইদৰে অধ্যক্ষ আৰু পৰ্যাপ্ত সদস্য অবিহনে বাল্য বিবাহৰ বলি হোৱা শিশুকে ধৰি বিভিন্ন ক্ষেত্ৰত নিৰ্যাতিত, নিৰাশ্ৰয় আৰু পথভ্ৰষ্ট শিশু সকলে কেনেকুৱা ন্যায় পাব, সেয়া সহজেই অনুমেয়। ৰাজ্য চৰকাৰে বাল্য বিবাহ কঠোৰ ভাৱে বন্ধ কৰাৰ পদক্ষেপ গ্ৰহণ কৰিলেও এই সম্পৰ্কীয় আন বিষয় সমূহত বিশেষ গুৰুত্ব আৰোপ নকৰাত শিশুৰ সুৰক্ষা আৰু তত্বাৱধান সঠিক ভাৱে নোহোৱাৰ আশংকা কৰা হৈছে।

জিলাই জিলাই শিশু সুৰক্ষা সমিতি-জুভাইন্যেল জাষ্টিচ ব'ৰ্ডৰ বহু অধ্যক্ষসহ শতাধিক পদ খালী
ইউনাইটেড ট্ৰাইবেল ডিগ্ৰী কলেজৰ শিক্ষাৰ্থীৰ ভৱিষ্যতকলৈ নিৰ্লজ হেতালি...

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in