মুক্তি পালে জিতু শ্ৰাৱণৰ নতুন গীত 'মদিৰা কুঁৱৰী'...

নগাঁও জিলাৰ সোণাইপৰীয়া কণ্ঠশিল্পী জিতু শ্ৰাৱণৰ নৱতম গীত 'মদিৰা কুঁৱৰী' উন্মোচন কৰা হয়। এই উপলক্ষে শিল্পীগৰাকীৰ মাজ জাজৰিৰ বাসগৃহত এক উন্মোচনী সভাও অনুষ্ঠিত হয়।

author-image
Asomiya Pratidin
New Update
মুক্তি পালে জিতু শ্ৰাৱণৰ নতুন গীত 'মদিৰা কুঁৱৰী'...

ডিজিটেল সংবাদ, বেবেজীয়াঃ নগাঁও জিলাৰ সোণাইপৰীয়া কণ্ঠশিল্পী জিতু শ্ৰাৱণৰ নৱতম গীত 'মদিৰা কুঁৱৰী' উন্মোচন কৰা হয়। এই উপলক্ষে শিল্পীগৰাকীৰ মাজ জাজৰিৰ বাসগৃহত এক উন্মোচনী সভাও অনুষ্ঠিত হয়।

Advertisment

কুইজ পৰিচালক চন্দ্ৰজিৎ দাসে আঁতধৰা এই সভাতেই সুৰকাৰ দুলুমণি শইকীয়া আৰু সংগীত শিল্পী প্ৰাঞ্জল বৰাই গীতটি উন্মোচন কৰে। 'জিতু শ্ৰাৱণ অফিচিয়েল' ইউ টিউব চেনেলত মুক্তি দিয়া এই গীতটোৰ সুৰ,কথা আৰু কণ্ঠ হৈছে জিতু শ্ৰাৱণৰ আৰু সংগীত প্ৰাঞ্জল বৰাৰ।

জ্যোতি মণি শৰ্মাই প্ৰযোজনা কৰা গীতটি এক সুকীয়া ধ্ৰুপদী শৈলীত উপস্থাপন কৰা হৈছে। ইপিনে, এই অনুষ্ঠানটিতে এক গীতৰ সভাও অনুষ্ঠিত হয়। সংগীতানুষ্ঠানটিত শিক্ষয়িত্ৰী নিৰ্মালি শইকীয়াৰ লগতে শিল্পী জিতু শ্ৰাৱণেও কণ্ঠ নিগৰাই অনন্য মাত্ৰা প্ৰদান কৰে।

অনুষ্ঠানটিত সাংবাদিক জ্যোতিপ্ৰসাদ বৰা, বাদ্যযন্ত্ৰী মিণ্টু মুদৈ, সাংস্কৃতিক কৰ্মী প্ৰাঞ্জল শৰ্মা, প্ৰাঞ্জল বৰুৱা আদিকে ধৰি বিভিন্নজন উপস্থিত থাকে ।

বেবজীয়া