/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-09-27/ru94f5wn/web-2.png)
ডিজিটেল সংবাদ,নগাঁও,বঢ়মপুৰঃ আজি ৭০ বছৰীয়া হ’ল উত্তৰ-পূব ভাৰতৰ অন্যতম মানৱ সেৱাৰ অনুষ্ঠান শ্ৰীমন্ত শংকৰ মিশ্যন অন্ধ বিদ্যালয়। এই উপলক্ষে শুকুৰবাৰে বিদ্যালয়খনৰ ৭০ সংখ্যক প্ৰতিষ্ঠা দিৱসটি দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয়। ইয়াৰ উপৰি প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি বিদ্যালয়খনৰ চৌহদত ব্ৰেইল লিপিৰ উদ্ভাৱক লুই ব্ৰেইলৰ এটি আৱক্ষ মূৰ্ত্তি স্থাপন কৰা হয়। আৱক্ষ মূৰ্ত্তিভাগ উন্মোচন কৰে সাদিন-প্ৰতিদিন গোষ্ঠীৰ অধ্যক্ষ তথা অসমীয়া প্ৰতিদিনৰ সম্পাদক জয়ন্ত বৰুৱাই।
বিদ্যালয়খনিৰ ৭০ সংখ্যক প্ৰতিষ্ঠা দিৱস আৰু লুই ব্ৰেইলৰ আৱক্ষ মূৰ্ত্তি স্থাপনৰ লগত সংগতি ৰাখি অনুষ্ঠিত মুকলি সভাত সাদিন প্ৰতিদিনৰ অধ্যক্ষ জয়ন্ত বৰুৱাই কয় যে, আজি এই শংকৰ মিছন দৃষ্টিহীন বিদ্যালয়ৰ আমন্ত্ৰণ মৰ্মে এনে এগৰাকী অৱতাৰৰ আৱক্ষ মূৰ্তি উন্মোচন কৰিলো, যি গৰাকীয়ে বিশ্বৰ দৃষ্টহীনসকলৰ বাবে শিক্ষাৰ দুৱাৰ মুকলি কৰি থৈ গ’ল।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-09-27/acy5gwjx/2d53d122-5fda-4259-a690-b05a4d1cf5b3.jpg)
যেতিয়াই আমাৰ সমাজখনত এক বিশৃংখল পৰিৱেশ হয়, সমাজখন দিশভ্ৰষ্ট হৈ পৰে; তেতিয়াই এই সমাজত একো একোজন মহাপুৰুষৰ জন্ম হয়। উদাহৰণস্বৰূপে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, মাধৱদেৱ, দামোদৰদেৱ, স্বামী বিবেকানন্দৰ নাম আমি ল’ব পাৰো। এই বিশ্বৰ দৃষ্টিহীনসকলৰ বাবেও এক অৱতাৰী পুৰুষ হ’ল লুই ব্ৰেইল।
লুই ব্ৰেইলে ৬ বিন্দুযুক্ত ব্ৰেইল লিপি উদ্ভাৱন কৰিছিল। ইয়াৰ ফলত দৃষ্টিহীন সকলৰ জ্ঞানৰ নতুন দুৱাৰ মুকলি হোৱা লগতে মানব সভ্যতাৰ বাবে সোণালী অধ্যায়ৰ সূচনা হয়৷ লগতে তেওঁ উল্লেখ কৰে যে, আজি ৰাজ্যত প্ৰথমটো লুই ব্ৰেইলৰ আৱক্ষ মূৰ্ত্তি স্থাপন কৰা কাৰ্য বঢ়মপুৰৰ শ্ৰীমন্ত শংকৰ মিচন অন্ধ বিদ্যালয়ৰ এক ব্যতিক্ৰমী পদক্ষেপ ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-09-27/0460sa93/a71d9538-27bc-4d72-b8b3-72098c44a429.jpg)
প্ৰেমেশ্বৰ দাসৰ পৌৰহিত্যত অনুষ্ঠিত সভাখনিত জয়ন্ত বৰুৱাই লগতে কয় যে দৃষ্টিহীন সকলৰ হকে কাম কৰিবলৈ কেন্দ্ৰীয় চৰকাৰ,ৰাজ্য চৰকাৰৰ পুঁজি থাকে ৷ এই পুঁজি ব্যৱহাৰৰ ক্ষেত্ৰত জিলা প্ৰশাসন সমূহে পদক্ষেপ লব লাগে ৷ এই বিদ্যালয়খন প্ৰতিষ্ঠা হোৱা ৭০ বছৰ হ’ল ৷ বিদ্যালয়খন মহাবিদ্যালয় হব লাগিছিল ৷ কিন্তু ৭০ বছৰে দশম শ্ৰেণীলৈকে সীমাবদ্ধ হৈ থাকিল ৷ সেয়ে বৰুৱাই সকলোৰে শুভ দৃষ্টিৰে বিদ্যালয়খনৰ উত্তৰণৰ হকে কাম কৰিবলৈ আহ্বান জনায়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-09-27/odpcsww4/240ca3ca-d3dd-4d67-8f60-b583ca8bf9bb.jpg)
উল্লেখ্য যে, আজিৰ সভাতে জয়ন্ত বৰুৱাই বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰী গুন বৰাৰ “পোহৰৰ সন্ধানত এখোজ“ শীৰ্ষক প্ৰবন্ধ সংকলন খনিও উন্মোচন কৰে৷ দিনৰ ১১ বজাৰ পৰা আৰম্ভ হোৱা সভাখনি উদ্বোধন কৰে নগাঁও সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই ৷ লগতে ৭০ বছৰ পূৰ্বে দৃষ্টিহীন সকলৰ বাবে চিন্তা কৰি বঢ়মপুৰত অন্ধ বিদ্যালয় স্থাপনৰ দৰে মহান কামৰে জৰিত থকা সকলো লোকক স্মৰণ কৰে ৷ লগতে এই শিক্ষানুষ্ঠানেৰে জৰিত হৈ জনহিতকৰ বাবে কাম কৰা সকলোকে বিধায়ক শৰ্মাই আন্তৰিক শলাগ লয় ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-09-27/lk0b0t7k/fcb26994-4afb-44e8-85bb-2f1e9b08b620.jpg)
লগতে সমাজৰ কোনো দৃষ্টিহীন লোক সকল যাতে জ্ঞান আহৰনৰ পৰা বঞ্চিত নহয়, ইয়াৰ প্ৰতি লক্ষ্য ৰাখি কাম কৰি যাবলৈ আজিৰ সভাৰ জৰিয়তে বিধায়ক শৰ্মাই সকলোকে আহ্বান জনায় ৷ সাদিন প্ৰতিদিন গোষ্ঠীৰ অধ্যক্ষ জয়ন্ত বৰুৱাই হেমকোষৰ ব্ৰেইল সংস্কৰণ, অসমীয়া ব্যাকৰণ ব্ৰেইল সংস্কৰনৰ কাম কৰোৱাই মহানতাৰ পৰিচয় দিছে বুলিও সভাত উল্লেখ কৰে ৰূপক শৰ্মাই ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-09-27/zmersffx/82271539-687b-46da-8129-8eb034e426b5.jpg)
এইখিনিতে উল্লেখ কৰা প্ৰয়োজন, আজিৰ সভাৰ আৰম্ভণিতে বিদ্যালয়ৰ দৃষ্টিহীন ছাত্ৰ ছাত্ৰীসকলে এটি সমবেত সংগীত পৰিবেশন কৰে ৷ সভাত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰধান সম্পাদক কুশল ঠাকুৰীয়া, অসমীয়া প্ৰতিদিনৰ সহযোগী সম্পাদক প্ৰকাশ মহন্ত,যুৱ নেতা মণি মাধব মহন্ত, আৰক্ষী বিষয়া মুকুট ৰাভা, প্ৰফুল্ল বৰা, গিৰীশ কলিতা, বল্লদেৱ শৰ্মা উপস্থিত থাকে ৷ উক্ত সভাতে বিদ্যালয়ৰ বৰ্ষপূৰ্তি সম্পৰ্কীয় স্মৃতিগ্ৰন্থ “দৃষ্টিনন্দন“ উন্মোচন কৰে কবি, সাহিত্যিক ড° শৰৎ বৰকটকীয়ে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-09-27/7fj1dugs/27c97b39-a0ba-46a5-baa4-5e7f606134c3.jpg)
স্মৃতিগ্ৰন্থ উন্মোচন কৰি ড° বৰকটকীয়ে কয় যে, লোকসেৱক হলধৰ ভূঞা,ডা° ললিত বৰুৱা আদিৰ দৰে ব্যক্তি সকলে ৭০ বছৰৰ আগতে সকলোৰে বাবে শিক্ষাৰ অধিকাৰৰ কথা চিন্তা কৰিছিল ৷ তেওঁলোকৰে চিন্তাৰ ফচল বঢ়মপুৰৰ অন্ধ বিদ্যালয়খনি ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-09-27/q3lq0yzq/7190899e-d457-4ff9-a292-99aa954d5eb3.jpg)
উন্মোচক ডা° বৰকটকীয়ে দৃষ্টিহীন সকলৰ বাবে সাদিন প্ৰতিদিন গোষ্ঠীৰ অধ্যক্ষ জয়ন্ত বৰুৱাই গ্ৰহণ কৰা পদক্ষেপক প্ৰশংসা কৰি কয় যে, জাতিৰ প্ৰতি উৎসৰ্গিত মনৰ ব্যক্তি জয়ন্ত বৰুৱা ৷ তেখেত জাতিৰ এটি স্তম্ভ ৷ জাতি, ভাষাক শক্তিশালী কৰি ৰখাৰ ক্ষেত্ৰত জয়ন্ত বৰুৱাই কাম কৰি আহিছে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-09-27/5z0f97uo/284928aa-a2e5-49e7-997b-000f06928ed7.jpg)
উল্লেখ কৰা প্ৰয়োজন যে, ১৯৫৫চনত শ্ৰীমন্ত শংকৰ মিশ্যনৰ তদানীন্তন সভাপতি প্ৰখ্যাত মুক্তিযোদ্ধা হলধৰ ভূঞাৰ প্ৰচেষ্টা তথা আগভাগ লোৱাৰ বাবেই এই অন্ধ বিদ্যালয়খন প্ৰতিষ্ঠা হৈছিল। সেই হেতুকেই আজিৰ এই প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী মুক্তিযোদ্ধাগৰাকীৰ আৱক্ষ মূৰ্তি বন্তি প্ৰজ্বলনেৰেই আৰম্ভ হয়। বন্তি প্ৰজ্বলন কৰে শিঙাপুতনী গাঁৱৰ মৌজাদাৰ তথা বিশিষ্টা মহিলা মাধন শইকীয়া আৰু বঢ়মপুৰ শ্বহীদ স্মৃতি আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষা দেৱাসূতি মহন্তকে ধৰি বিশিষ্ট ব্যক্তিসকলে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-09-27/v8wigpcs/photo-0.jpg)