/asomiyapratidin/media/media_files/2025/06/04/fXnrWtexeRnytFrtzKCD.jpg)
ডিজিটেল সংবাদ উৰিয়া গাঁওঃ ‘হৰ ঘৰ নল, হৰ ঘৰ জল’-এই শ্ল'গানেৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেশৰ গ্ৰামাঞ্চলৰ ৰাইজক ঘৰে ঘৰে বিশুদ্ধ পানী যোগান ধৰাৰ উদ্দেশ্যৰে জলজীৱন মিছন নামৰ অভিলাষী আঁচনিখন ৰূপায়ণ কৰিছিল যদিও উক্ত আঁচনিখনৰ পৰা গ্ৰাম্যাঞ্চলৰ অধিকাংশ ৰাইজ উপকৃত নোহোৱাৰ অভিযোগ উঠিছে। তেনেকুৱা প্ৰকল্প হৈছে নগাঁও জিলাৰ মাজপোতনী পানী যোগান আঁচনি, উৰিয়া গাঁও পানী যোগান আঁচনি আৰু মাজপাঠৰি পানী যোগান আঁচনি।
জানিব পৰা মতে নগাওঁ- বটদ্রৱা সমষ্টিৰ অন্তৰ্গত উক্ত প্ৰকল্প কেইটা পুনৰ নিৰ্মাণ কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে জলজীৱন আঁচনিৰ অধীনত কোটি কোটি টকা অনুমোদন জনাইছিল। কিন্তু সংশ্লিষ্ট বিভাগৰ দায়িত্বহীনতা তথা অকমন্যতাৰ বাবেই তিনিওখন পানী যোগান আঁচনিৰ পৰা অঞ্চলটোৰ অধিকাংশ গঞা ৰাইজে নিয়মীয়াকৈ বিশুদ্ধ খোৱা পানী লাভ নকৰাৰ অভিযোগ উঠিছে।
জনস্বাস্থ্য কাৰিকৰী বিভাগ নগাঁও সংমণ্ডলৰ অধীনৰ মাজপোতনী পানী যোগান আঁচনিখনৰ পৰা স্থানীয় ৰাইজে বিগত তিনিমাহ ধৰি বিশুদ্ধ খোৱা পানী লাভ কৰা নাই। সংশ্লিষ্ট বিভাগে আজিৰ পৰা ২ বছৰ পূৰ্বে নিৰ্মাণ কৰা এই আঁচনিখনৰ পৰা প্ৰথমাৱস্থাত স্থানীয় ৰাইজে নিয়মিতভাৱে বিশুদ্ধ খোৱা পানী লাভ কৰিবলৈ সক্ষম হৈছে।
কিন্তু পৰৱৰ্তী সময়ত জনস্বাস্থ্য কাৰিকৰী বিভাগে আঁচনিখনৰ সঠিক পৰ্যবেক্ষন তথা চোৱা চিতা নকৰাৰ বাবেই পানী যোগান আঁচনিখনত বিসংগতিৰ সৃষ্টি হোৱাত ৰাইজক খোৱা পানী যোগান ধৰাৰ ক্ষেত্ৰত কিছু জটিলতাৰ সৃষ্টি হৈ আহিছে। শেহতীয়াকৈ পানী যোগান আঁচনিখনৰ বৈদ্যুতিক ট্ৰেন্সফৰ্মাৰটো বিকল হৈ থকাৰ বাবে বিগত তিনিমাহ ধৰি তিনি শতাধিক পৰিয়াল বিশুদ্ধ খোৱা পানীৰ পৰা বঞ্চিত হৈছে।
এই সন্দৰ্ভত ৰাইজে স্থানীয় বিধায়ক আৰু বিভাগীয় কর্তৃপক্ষক অৱগত কৰিছে যদিও সংশ্লিষ্ট বিভাগে বিকল ট্ৰেন্সফৰ্মাৰটোৰ মেৰামতি কৰাৰ ক্ষেত্ৰত একো ব্যৱস্থা গ্ৰহণ কৰা নাই। ইয়াৰ বিপৰীতে জনস্বাস্থ্য কাৰিকৰী বিভাগে উক্ত প্ৰকল্পটো অন্তৰ্গত এলেকাৰ গাঁও পঞ্চায়ত কাৰ্যালয়ক পানীযোগান আচঁনিখনৰ বিকল ট্ৰেন্সফৰ্মাৰটোৰ মেৰামতিৰ কৰাৰ দায়িত্ব প্ৰদান কৰিয়েই দায় সাৰিব বিচাৰিছে।
উল্লেখ যে, এটা ট্ৰেন্সফৰ্মাৰ নতুনকৈ স্থাপন কৰা বা মেৰামতি কৰিবলৈ মোটা অংকৰ পুঁজিৰ প্ৰয়োজন হ'ব। তেনেস্থলত ট্ৰেন্সফৰ্মাৰটো মেৰামতি কৰিবৰ বাবে গাঁও পঞ্চায়ত কাৰ্যালয়ে ইমান বৃহৎ সংখ্যক পুঁজিৰ ধন কৰ পৰা পাব,ই এক বিচাৰ্যৰ বিষয় হিচাপে পৰিগণিত হৈছে।একেদৰে উৰিয়া গাঁও পানী যোগান আঁচনিখনৰ পৰাও স্থানীয় ৰাইজক নিয়মীয়াকৈ বিশুদ্ধ খোৱা পানী লাভৰ পৰা বঞ্চিত হোৱাৰ অভিযোগ উঠিছে।
আশীৰ দশকতে স্থাপন কৰা এই পানী যোগান আঁচনিখন পৰৱৰ্তী সময়ত শাসকীয় বিজেপি চৰকাৰৰ কাৰ্যকালত জলজীৱন মিছনৰ অধীনত পুনৰ নিৰ্মাণ কৰা হ'ল যদিও আঁচনিখন আজিকোপতি পূৰ্ণ পৰ্যায়ত কাৰ্যক্ষম হৈ নুঠিল।
চাৰি শতাধিক পৰিয়ালক সামৰি স্থাপন কৰা এই পানী যোগান আঁচনিখনৰ এটা অংশত মাটিৰ তলত স্থাপন কৰা পানী পৰিবাহী পাইপসমূহত ঠায়ে ঠায়ে বিন্ধা ওলোৱাত বিশেষকৈ মাজ উৰিয়া গাঁও,অৰ্জুন তল,নামকুৰি গাঁৱৰ ৰাইজে দীৰ্ঘদিন ধৰি বিশুদ্ধ খোৱা পানীৰ লাভ কৰা নাই।
আনকি একাংশ লোকে ঘৰুৱা টেপৰ পানী সংযোগ কৰা লাইনত বৈদ্যুতিক মটৰ সংযোগ কৰি নিজৰ গৃহৰ অভাৰ হেড টেংকিলৈ পানী উঠোৱাৰ ব্যৱস্থা কৰাৰ বাবে বহু দূৰৰ গাঁৱৰ পৰিয়াললৈ আচঁনিখনৰ জৰিয়তে পানী প্ৰবাহ কৰাৰ ক্ষেত্ৰত বাধা আহি পৰিছে।
তদুপৰি এটা বৃহৎ এলেকাক সামৰি পানী যোগান আঁচনিখন নিৰ্মাণ কৰা হৈছিল কিন্তু আঁচনিখনৰ বহন ক্ষমতা কম হোৱাৰ বাবে প্ৰকল্পটোৰ অন্তৰ্গত গোমোঠা গাঁও, ভোটাই গাঁৱৰ বহু পৰিয়ালে আজিকোপতি এটুপি বিশুদ্ধ খোৱা পানী লাভ কৰিবলৈ সক্ষম হোৱা নাই।
বৰ্তমান উক্ত গাঁৱৰ বহু পৰিয়ালৰ গৃহত স্থাপন কৰা পকী পানী টেপসমূহ পৰিত্যক্ত অৱস্থাত আছে। আনহাতে মাজপাঠৰী পানী যোগান আঁচনিখনৰ কাৰিকৰী বিসংগতিৰ বাবেই অঞ্চলটোৰ জনসাধাৰণে নিয়মীয়াকৈ বিশুদ্ধ খোৱা পানী লাভ নকৰাৰ অভিযোগ উঠিছে।
জানিব পৰা মতে প্ৰকল্পটোৰ অভাৰ হেড টেংকি আৰু পথৰ দাঁতিত স্থাপন কৰা পানী পৰিবাহী পাইপত ফুটা ওলোৱাৰ বাবে সংশ্লিষ্ট বিভাগৰ কৰ্মচাৰীয়ে স্থানীয় ৰাইজক নিয়মীয়াকৈ বিশুদ্ধ খোৱা পানী যোগান ধৰিৰ পৰা নাই। চাৰি শতাধিক পৰিয়ালক সামৰি স্থাপন কৰা এই পানী যোগান আচঁনিখনৰ এলেকাৰ বিষয়কৈ মাজপাঠৰি শইকীয়া চুক,পণ্ডিত চুক,শিঙিয়া চুক বৰনামঘৰৰ বহু লোকে বিশুদ্ধ খোৱা পানীৰ পৰা বঞ্চিত হোৱাৰ অভিযোগ উঠিছে।
উক্ত প্রকল্পটো ৰূপায়ন কৰাৰ নামত ঠিকাদাৰে নিম্ন মানৰ পাইপ ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে। উল্লেখযোগ্য যে, ২০২৩ বৰ্ষৰ ১১ জানুৱাৰীত অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী আদি বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই বিধায়ক জিতু গোস্বামীৰ উপস্থিতিত জল জীৱন মিছনৰ অধীনত উৰিয়া গাঁও,মাজপোতনী,মাজপাঠৰি পানী যোগান আঁচনিখন উদ্বোধন কৰি ৰাইজলৈ সমৰ্পন কৰিছিল।
কিন্তু পৰৱৰ্তী সময়ত আঁচনিকেইখন কাৰ্যক্ষম কৰি ৰখাৰ ক্ষেত্ৰত সংশ্লিষ্ট বিভাগৰ সঠিক পৰ্যবেক্ষণ আৰু মেৰামতিৰ অভাৱৰ বাবেই স্থানীয় জনসাধাৰণে বিশুদ্ধ খোৱা পানীৰ পৰা বঞ্চিত হবলগীয়া হৈছে।বিভাগীয় কর্তৃপক্ষৰ এনে কৰ্মকাণ্ডত ৰাইজ অতিষ্ঠ হৈছে। অতি শীঘ্ৰেই স্থানীয় ৰাইজে এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰি পানী যোগান নিয়মীয়া কৰাৰ বাবে উদ্ধতম কৰ্তৃপক্ষক দাবী জনাইছে।
তদুপৰি উক্ত প্ৰকল্পত কৰ্মৰত জলমিত্ৰ সকলেও দুমাহ ধৰি পাৰিতোষিক লাভ কৰা নকৰাৰ অভিযোগ উঠিছে। জলজীৱন মিছনৰ অধীনৰ বিকল হৈ থকা এই তিনিখন আঁচনি মাত্ৰ উদাহৰণহে। নগাঁও জিলাৰ বিভিন্ন স্থানত এনেকুৱা বিকল পানী যোগান আঁচনি বহুত আছে।যিবিলাক পানী যোগান আঁচনি নিৰ্মাণ কৰি ঠিকাদাৰ সম্পূৰ্ণ ধন লৈ গ'ল।
কিন্তু আঁচনিসমূহ নিৰ্মাণ কৰাৰ পিছত সংশ্লিষ্ট বিভাগে ইয়াৰ কোনো পৰ্যবেক্ষণ লগতে চোৱা চিতা কৰা নাই। মেৰামতিৰ ক্ষেত্ৰতো একো ব্যৱস্থা গ্ৰহণ কৰা নাই। ফলত জিলাখনৰ বহু স্থানত এটুপি পানীৰ বাবে জনসাধাৰণে হাহাকাৰ কৰিব লগা হৈছে। তদুপৰি প্ৰধানমন্ত্ৰী মোদীৰ হৰ ঘৰ নল,হৰ ঘৰ জল শ্ল'গান তথা সপোন এতিয়া প্ৰহসনত পৰিণত হৈছে।