জাগৰণ সচেতন নাগৰিক মঞ্চৰ সমন্বয় ৰাস : 'অৰণ্যপিতৃ' উপাধিৰে বিভূষিত যাদৱ পায়েং

জাগৰণ সচেতন নাগৰিক মঞ্চৰ সমন্বয় ৰাস : 'অৰণ্যপিতৃ' উপাধিৰে বিভূষিত যাদৱ পায়েং

ডিজিটেল সংবাদ,বঢ়মপুৰ : বিগত বৰ্ষসমূহৰ দৰে নব্য চিন্তা আৰু ন-কৌশলেৰে মধ্য অসমৰ অন্যতম জাগৰণ সচেতন নাগৰিক মঞ্চৰ সমন্বয় ৰাসখনি সোমবাৰে নগাঁও জিলাৰ বঢ়মপুৰ ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত হয়। দ্বিতীয় বৃন্দাবনসদৃশ নৈসৰ্গিক পৰিৱেশেৰে সজাই পৰাই তোলা ৰাস উৎসৱস্থলীত বৃহত্তৰ অঞ্চলটোৰ বিভিন্ন প্ৰান্তৰ পৰা অহা শিল্পীয়ে ৰাসখনিত কৃষ্ণৰ জন্মৰ পৰা ভিন্ন কাল পৰিৱেশন কৰি বিপুল সমাদৰ লাভ কৰে ।

অত্যধুনিক প্ৰযুক্তিৰ জৰিয়তে এজোপা ৰাধাচূড়া গছৰ তলত বৃহৎ মঞ্চ তৈয়াৰ কৰি নিশা অনুষ্ঠিত সমন্বয় ৰাসখনে নতুনত্ব খটুৱাই দৰ্শকৰ বিপুল সমাদৰ লাভ কৰিবলৈ সক্ষম হৈ আহিছে । এইবাৰ পঞ্চম বৰ্ষত ভৰি দিয়া সমন্বয় ৰাসত মুখ্য অতিথি হিচাপে উপস্থিত থকা অৰণ্যমানৱ পদ্মশ্ৰী যাদৱ পায়েংক জাগৰণ সচেতন নাগৰিক মঞ্চৰ ফালৰ পৰা ২০২৩ বৰ্ষৰ "অসম গৌৰৱ" সন্মান আৰু "অৰণ্যপিতৃ" উপাধিৰে বিভূষিত কৰা হয় ।

অগণন শ্ৰোতা-দৰ্শকৰ সমাবেশেৰে অনুষ্ঠিত হোৱা সমন্বয় ৰাসখনি শুভ উদ্বোধন কৰে বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামীয়ে। বিধায়ক জিতু গোস্বামীয়ে সমিতিৰ হাতত অসম চৰকাৰৰ তৰফৰ পৰা দিয়া ২৫ হাজাৰ টকাৰ এখন চেক ৰাস মঞ্চতে আনুষ্ঠানিকভাৱে প্ৰদান কৰে ৷

ইয়াৰ পিছতেই শ্ৰীকৃষ্ণৰ বংশীধ্বনিৰ তালে তালে একেলগে ২০ গৰাকীকৈ শ্ৰীকৃষ্ণৰ মাজে মাজে ময়ূৰ চৰাইৰ নৃত্যই ৰাসখনক অধিক মোহনীয় কৰি তোলাৰ লগতে পুতনা আৰু শংখচূড়ৰ আকৰ্ষণীয় সাজপাৰ আৰু বেশভূজাৰে উপস্থিত দৰ্শকৰ বিপুল সমাদৰ লাভ কৰিবলৈ সক্ষম হয় বুলি জানিবলৈ দিয়ে ।

উত্তৰকাশী সুৰংগৰ পৰা উদ্ধাৰ ২জন শ্ৰমিক

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in