জীৱন নাট সামৰিলে শিক্ষাবিদ , সাহিত্যিক যাদব বৰাই

প্ৰকাশ কৰি অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰাৰ লগতে অসমীয়া পাঠক সমাজকো উপকৃত কৰি থৈ গৈছে
জীৱন নাট সামৰিলে শিক্ষাবিদ , সাহিত্যিক যাদব বৰাই

ডিজিটেল সংবাদ,নগাঁও : বিশিষ্ট শিক্ষাবিদ , সাহিত্যিক যাদব বৰাই (৮০)সামৰিলে জীৱন নাট ৷ নগাঁও জিলাৰ পুৰনিগুদাম চলচলিৰ যাদব বৰাই নতুন দিল্লীত এখন চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে ৷

যাদব বৰাৰ মৃত্যুত নগাঁও জিলাৰ পুৰনিগুদাম চলচলিত শোকৰ ছাঁ পৰে ৷ চলচলি বিৰহী গাঁৱৰ বাসিন্দা বাপুৰাম বৰা আৰু কমলেশ্বৰী বৰাৰ সুযোগ্য সন্তান যাদব বৰা এজন অতি মেধাসম্পন্ন যুৱক হিচাপে চলচলিৰ লগতে নগাঁও জিলাখনৰ লোকসকলৰ মাজত নিজৰ পৰিচয় দিবলৈ সক্ষম হৈছিল।

২০ নং চলচলি বালক প্রাথমিক বিদ্যালয়ত শিক্ষাজীৱনৰ পাতনি মেলি পুৰণিগুদাম ৰাধা কান্ত বৰুৱা উচ্চ মাধ্যমিক বিদ্যালয় পৰা প্ৰবেশিকা পৰীক্ষাত প্ৰথম বিভাগত, অসমীয়া,সংস্কৃত আৰু ইংৰাজীত লেটাৰ নম্বৰসহ উৰ্ত্তীৰ্ণ হৈ অঞ্চলটোৰ শিক্ষানুৰাগী সমাজ সচেতন ৰাইজৰ সমাদৰ বুটলিবলৈ সমৰ্থ হৈছিল। পৰবৰ্তীকালত নগাঁও মহাবিদ্যালয়ৰ কলা শাখাত নাম ভৰ্তি কৰি আই এ আৰু বি এ পাঠ্যক্রম অধ্যয়ন কৰি পৰীক্ষাত সুখ্যাতিৰে (ডিষ্টিংচন সহ) উত্তীৰ্ণ হ'বলৈ সমৰ্থ হয়।

তেওঁৰ সংস্কৃত, অসমীয়া আৰু ইংৰাজী বিষয়ৰ ওপৰত থকা ৰাপ আৰু অধ্যয়নৰ প্ৰতি লক্ষ্য ৰাখিয়েই তেতিয়াৰ নগাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ যজ্ঞেশ্বৰ শৰ্মাই তেওঁৰ কলেজৰ মাচুল ৰেহাই দিয়াৰ উপৰিও যাদব বৰাক লৈ ভৱিষ্যতবাণী কৰিছিল এই বুলি যে “এটা সময়ত যাদবে গৈ অসমীয়া, ইংৰাজী আৰু সংস্কৃত এই তিনিবিধ সাহিত্যতে এজন পণ্ডিত হ'ব পাৰিব। "মাজুলীৰ গড়মুৰ হাইস্কুলত শিক্ষকতাৰ জীৱনৰ পাতনি মেলা প্ৰয়াত বৰাই ১৯৭৪ চনত অসম পাঠ্যপুথি প্ৰস্তুত আৰু প্ৰকাশন পৰিষদ"ৰ পৰিদৰ্শক পদত যোগদান কৰে যদিও সাহিত্য চৰ্চাত অধিক মনোযোগ দিয়াৰ সুবিধার্থে সেই চৰকাৰী চাকৰিৰ পৰা স্বেচ্ছামূলক অৱসৰ গ্ৰহণ কৰিছিল ।

প্ৰয়াত বৰাই নিৰবে সাহিত্য চৰ্চা কৰাৰ লগতে নতুন প্ৰজন্মক সাহিত্যনুৰাগী তথা সাহিত্যিক হিচাবেও গঢ়ি তোলাৰ ক্ষেত্ৰত অধিক গুৰুত্ব আৰোপ কৰিছিল ৷ মৃগছায়া, সোনালী সেঁতু , নৱজাতক, দুচকুৰ বন্যা আদি কেইবাখনো উপন্যাস আৰু নিজা সম্পাদনাত “পৰিচয়" নামৰ মাহেকীয়া আলোচনী প্ৰকাশ কৰি সাহিত্যিক ৰুচিবোধৰ পৰিচয় দিছিল।

তেওঁ নিজা চিন্তা আৰু পৰিকল্পনাৰে Assam Who's Who নামৰ ইংৰাজীত প্ৰকাশ পোৱা বছেৰেকীয়া আলোচনীখন তেওঁৰ সাহিত্যিক জীৱনৰ অন্যতম কৃতিত্ব, য'ত নিজৰ দেশ আৰু ৰাজ্যৰ সু প্ৰতিষ্ঠিত গুণী জ্ঞানী পন্ডিত লোক তথা উচ্চ পদস্থ বিষয়া সকলৰ পৰিচয় দাঙি ধৰি তেনেসকল লোকৰ আদৰ্শৰে নতুন চামক প্ৰেৰণা যোগোৱাৰ প্ৰয়াস কৰা হৈছিল। অপ্ৰকাশিত উপন্যাস "বন জুৰি"। "থাইলেণ্ডৰ ৰূপকথা" নামেৰে তেওঁৰ ভ্ৰমণ অভিজ্ঞতা সন্নিৱিষ্ট পুথিৰ প্ৰথম খণ্ডটো ২০০৭ চনত প্ৰকাশ কৰি দ্বিতীয় আৰু তৃতীয় খণ্ড দুটাও পৰবৰ্তীকালত প্ৰকাশ কৰি অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰাৰ লগতে অসমীয়া পাঠক সমাজকো উপকৃত কৰি থৈ গৈছে ।

জীৱন নাট সামৰিলে শিক্ষাবিদ , সাহিত্যিক যাদব বৰাই
ঘিলামৰাত বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন নিতুমনি শইকীয়াৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in