/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/bb9a6fc3-ef74-4bd0-a7af-e1132128b2a5/nitumoni.jpg)
ডিজিটেল সংবাদ, ঢকুৱাখনা : অসমীয়া জাতীয় লোক পৰম্পৰাগত উৎসৱ ৰঙালী বিহুৰ মাদকতা আৰু মহত্বক সাৰ্বজনীন কৰি সকলো বৰ অসমৰ জাতি-জনগোষ্ঠীক সম্প্ৰীতিৰ এনাজৰীৰে সম্পৃক্ত কৰাৰ বাসনাৰে ঘিলামৰাত অনুষ্ঠিত হৈছে কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন। তিনিদিনীয়া কাৰ্যসূচীৰে বুধবাৰৰ পৰা আৰম্ভ হোৱা ৬৮ সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন-২০২৩ৰ মাদকতাই বিধৌত কৰিছে সমগ্ৰ ঘিলামৰা।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/c1288a11-714b-4d39-86e7-990a0e04c813/WhatsApp_Image_2023_04_19_at_2_45_12_PM.jpeg)
ৰিব ৰিব মলয়াৰ আচ্ছাদনেৰে আচ্ছাদিত ঘিলামৰা কৃষ্টি ভৱন প্ৰাংগণৰ বিহু বাকৰিত বুধবাৰৰ পৰা আৰম্ভ হোৱা ৰঙালী বিহু সন্মিলনৰ প্ৰথম কাৰ্যসূচী পতাকা উত্তোলন কৰে স্থায়ী সমিতিৰ সভাপতি অকণ গোহাঁই আৰু উদযাপন সমিতিৰ সভাপতি দেৱজিৎ বৰগোঁহায়ে । অগণন বিহুৱা বিহুৱতী, লোক কৃষ্টিপ্ৰেমীৰ উপস্থিতিত প্ৰাণ পাই উঠা কৃষ্টি ভৱন প্রাংগনত ইয়াৰ পাছতে চিত্ৰাঙ্কণ, ৰচী টনা, টেকেলি ভঙা আদি থলুৱা লোক ক্ৰীড়া প্ৰতিযোগিতা আৰু লোক সম্পদৰ এক দৃষ্টিনন্দন প্রদর্শনী অনুষ্ঠিত কৰা হয় ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/c49b51ae-ae1d-45af-bfe0-2b7b49960bbd/WhatsApp_Image_2023_04_19_at_2_45_10_PM.jpeg)
ইয়াৰ পাছতে উলিওৱা হয় এক দৃষ্টিনন্দন সাংস্কৃতিক শোভাযাত্ৰা । বৰ অসমৰ ভেঁটি নিৰ্মাতা মিচিং, দেউৰী, চাউতালি, নেপালী, সোণোৱাল কছাৰী, ৰাভা, হাজং আদি বিভিন্ন লোক কৃষ্টি দলৰ স্বকীয় কৃষ্টি প্ৰদৰ্শন, গায়ন বায়ন, টকা বিহু, গাণিকা দল, আয়তী দলৰ লগতে বিভিন্ন জন সজাগতামূলক প্ৰতীকী প্রদর্শনেৰে উজ্জীৱিত হৈ পৰা এই বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰে প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমনি শইকীয়াই ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/fd21db54-5009-4e48-a794-1f9d44265a5d/9698fb6d_6491_4df9_8153_6f0372f6d4ae.jpg)
উদ্বোধনী ভাষণত বিশিষ্ট চিন্তাবিদ, সাংবাদিক শইকীয়াই অসমীয়া জাতিয় জীৱনৰ এই বৰ্ণিল আৰু স্বাভিমানী সত্বা বহাগ বিহু সন্মিলনৰ স্বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰিবলৈ পাই নিজকে ধন্য মানে । সমগ্ৰ ঘিলামৰাৰ আকাশ বতাহ উদ্বেলিত কৰি উলিওৱা এই সাংস্কৃতিক শোভাযাত্ৰাই নগৰাঞ্চল পৰিভ্ৰমণ কৰি বাৰেৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰাৰ সফল পৰিসমাপ্তি মৰা হয় ।
Also Read: উজনিত মৰাণ জনগোষ্ঠীয়ে হাতী গা-ধুৱা পৰম্পৰাৰে পালন কৰিলে ৰঙালী...