/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/414ccdde-775b-491c-a01c-803717cfea74/76.jpg)
ডিজিটেল সংবাদ,নগাঁওঃ কেন্দ্ৰীয় লোকসেৱা আয়োগ ২৩ৰ পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হৈ নগাঁৱলৈ গৌৰব কঢ়িয়াই আনিলে ভাস্বত শইকীয়াই । নগাঁৱৰ দিফলুৰ ভাস্বত শইকীয়াই ইউ পি এছ চিৰ পৰীক্ষাত ৫৫২সংখ্যক স্থান লাভ কৰি সাফল্য দেখুৱাবলৈ সক্ষম হৈছে ।
উল্লেখ্য যে ভাৰতীয় প্ৰশাসনিক সেৱাৰ পৰীক্ষাত ভাস্বতে আই পি এছ পাইছে । ভাস্বতৰ এই সাফল্যত আনন্দিত নগাঁৱৰ বিদ্যত সমাজ । পূৰ্বতে ভাস্বতে আই এফ এছ পাইছিল ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/0b75ffbe-f8d0-4037-b5ed-e64d03a91691/5c3d2908_efa6_4265_bf8d_8c2368914fa7.jpg)
মেট্ৰিক পৰীক্ষাত ৰাজ্যৰ ভিতৰতে দশম স্থান লাভ কৰা ভাস্বতৰ পিতৃৰ নাম বীৰেন্দ্ৰ নাথ শইকীয়া আৰু মাতৃ দিব্যজ্যোতি শইকীয়া । গুৱাহাটী আই আই টিৰ পৰা ইঞ্জিনিয়াৰিঙৰ স্নাতক আই পিএছ ভাস্বত শইকীয়া ।
Also Read: বসন্তৰ পৰশত নানাৰঙী ফুলেৰে জাতিস্কাৰ কাজিৰঙা জাতীয় অৰ্কিড উদ্যান