/asomiyapratidin/media/media_files/2025/05/13/MotZBlTVs7hwexszaCio.jpg)
ডিজিটেল সংবাদ, বটদ্ৰৱাঃ সমগ্ৰ বিশ্বৰ লগতে ৰাহাত হাস্পতাল আৰু ৰিচাৰ্চ চেণ্টাৰত আজি আন্তৰ্জাতিক ধাত্ৰী দিৱস পালন কৰা হয়। হাস্পতালখনৰ কাৰ্যবাহী সঞ্চালক ডাঃ মঞ্জুল ইছলামে আঁতধৰা অনুষ্ঠানটি ৰাহাত হাস্পতালৰ পৰিচালন সঞ্চালক ডাঃ ৰিয়াজ উদ্দিন আহমেদে চিকিৎসা সেৱাৰ সফলতাৰ আঁৰত হাস্পতালৰ নাৰ্ছসকলৰ অৱদানৰ শলাগ লয়।
তেওঁ কয় যে কেৱল নাৰ্ছসকলৰ অৱদানৰ বাবেহে হাস্পতালখন কিছু দিনৰ ভিতৰতেই নগাঁৱৰ ভিতৰত আগশাৰীৰ চিকিৎসা সেৱা অনুষ্ঠান হিচাপে নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে। ডাঃ আৰিফুল হকে অনুষ্ঠানটোত অংশ গ্ৰহণ কৰি নাৰ্ছসকলৰ উৎকৃষ্ট সেৱাৰ শলাগ লয়।
সৰ্বোৎকৃষ্ট সেৱা আগবঢ়োৱা কেইবাগৰাকীও নাৰ্ছক নগদ ধন আৰু বঁটাও প্ৰদান কৰে অনুষ্ঠানটোত। অনুষ্ঠানটোত অংশ গ্ৰহণ কৰি ডাঃ নুৰ য়াচীনে কয় যে, ৰাহাত হাস্পতালৰ নাৰ্ছৰ দৰে উৎসৰ্গিত নাৰ্ছ নগাঁও চহৰত বিৰল। তেওঁ ৰাহাত হাস্পতালৰ অনুকূল পৰিবেশত অতি কম সময়ৰ ভিতৰত নাৰ্চসকলে সেৱাৰ ক্ষেত্ৰত উৎকৃষ্টতা অৰ্জন কৰে বুলি মন্তব্য কৰে।
ডাঃ সুদিপ্তা দাসেও অনুষ্ঠানত অংশ গ্ৰহণ কৰি বক্তৃতা প্ৰদান কৰে। অধিবক্তা জে. ৰুমি আহমেদে নাৰ্ছসকলৰ পাৰদৰ্শিতাৰ শলাগ লয়। অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰি আধুনিক নাৰ্ছ বিদ্যাৰ প্ৰতিস্থাপক ফ্লৰেঞ্চ নাইটিংগেলক সোঁৱৰণ কৰি উৎকৃষ্ট সেৱা প্ৰদানৰ বাবে নাৰ্ছসকল প্ৰতিজ্ঞা বদ্ধ হয়।