/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/8f29310f-4dde-4737-9bdd-120364a16308/pijush_hazarika1.jpg)
ডিজিটেল সংবাদ,নগাঁও : সমগ্ৰ দেশৰ লগতে আজি নগাঁৱতো ভাৰতৰ ৭৭ সংখ্যক স্বাধীনতা দিৱসটি উলহ-মালহৰে উদযাপন কৰা হয়। নগাঁও জিলা প্ৰশাসনৰ উদ্যোগত নুৰুল আমিন ষ্টেডিয়ামত কেন্দ্ৰীয়ভাৱে আয়োজিত স্বাধীনতা দিৱসৰ গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ত্ৰিৰংগা পতাকা উত্তোলন কৰে জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/c1203417-f225-4569-8ace-5fdffdf6c6b2/365276082_823774929203604_3430174873876809806_n.jpg)
কেইবা সহস্ৰাধিক লোকৰ উপস্থিতিত দেশৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি মন্ত্ৰী হাজৰিকাই ৰাইজৰ উদ্দেশ্যে দিয়া ভাষণৰ প্ৰাৰম্ভতে দেশৰ স্বাধীনতা আন্দোলনৰ বীৰ শ্বহীদসকলৰ চৰম ত্যাগ আৰু মুক্তি যুঁজাৰুসকলৰ অমৰ দেশপ্ৰেমক শ্ৰদ্ধাৰে সোঁৱৰণ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/41811d9c-6176-4643-95cd-1bf7805b6d86/365753161_823775135870250_5579750997874773001_n.jpg)
দেশৰ স্বাধীনতা আন্দোলনত নগাঁও জিলাৰ অপৰিসীম অৱদান তথা শ্বহীদ ভোগেশ্বৰী ফুকননী, বলো সুত, থগী সুতকে ধৰি বীৰ- বীৰাংগনা সকলৰ অমৰ দেশ প্ৰেম আজিও অসম বুৰঞ্জীৰ পাতত সোণোৱালী আখৰেৰে লিপিবদ্ধ হৈ আছে বুলি তেওঁ মন্তব্য কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/59f7f557-0e01-4d33-ab88-38d0d17a3c31/365695388_823775212536909_7699160152376283432_n.jpg)
স্বাধীনতা দিৱস উপলক্ষে মন্ত্ৰীগৰাকীয়ে প্ৰদান কৰা চমু ভাষণত বৰ্তমানৰ কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ বিভিন্ন উন্নয়ণ মূলক আচঁনি ৰূপায়ন তথা নগাঁও জিলাত চৰকাৰে গ্ৰহণ কৰা বিশেষ আঁচনি সন্দৰ্ভতো এক খতিয়ান দাঙি ধৰে। ইয়াৰ পাছতে মন্ত্ৰী পীযুষ হাজৰিকাই অসম আৰক্ষী, গৃহৰক্ষী বাহিনী, ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনী, স্কাউট এণ্ড গাইড আৰু অৰ্ধসামৰিক বাহিনীৰ জোৱানসকলৰ লগতে বিভিন্ন বিদ্যালয়ৰ শিক্ষাৰ্থীসকলে প্ৰদৰ্শন কৰা কুচ-কাৱাজৰ অভিবাদনো গ্ৰহণ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/c95e08dc-bf42-4f91-ab72-2657697e8255/367470305_823775232536907_9184859196445361437_n.jpg)
অনুষ্ঠানত নগাঁও লোকসভা সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ, বিধায়কত্ৰয় ক্ৰমে ৰূপক শৰ্মা, জিতু গোস্বামী, শশীকান্ত দাস, মুক্তি যুঁজাৰুসকলৰ লগতে নগাঁৱৰ গণ্য মান্য ব্যক্তি সকল উপস্থিত থাকে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/b08c7024-826c-4b20-bab4-5e15056a04c3/366065621_823775172536913_1217477197583355280_n.jpg)
Also Read: স্বাধীনতা দিৱস উপলক্ষে চিৰাঙত গছপুলি বিতৰণ কাৰ্যসূচী