/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/249a95db-c492-4c3e-97d8-b2d0377af37f/evection.jpg)
ডিজিটেল সংবাদ, লামডিংঃ হোজাই-কাৰ্বি আংলং সীমান্তৱৰ্তী নখুঁটিৰ শিৱিৰ বৰবজাৰ, আমবাৰী আৰু লাংকাইজান সংৰক্ষিত বনভূমিত মঙলবাৰে কাৰ্বি আংলং জিলা প্ৰশাসন আৰু বনবিভাগে চলাই উচ্ছেদ অভিযান । এই উচ্ছেদক কেন্দ্ৰ কৰি অঞ্চলটোত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ।
হোজাই আৰু কাৰ্বি আংলংৰ নিৰ্দিষ্ট সীমা নিৰ্ধাৰণ নকৰাকৈ আৰু কোনো ধৰণৰ জাননী প্ৰদানৰ অবিহনেই প্ৰশাসনে উচ্ছেদ চলোৱাৰ অভিযোগ উত্থাপিত হৈছে । অঞ্চলটোত অবৈধভাৱে ঘৰ-দুৱাৰ নিৰ্মাণ কৰি হালধি খেতি, ৰবিশস্যৰ খেতি কৰি বসতি স্থাপন কৰি জীৱন নিৰ্বাহ কৰি থকা তিনিশটা পৰিয়ালক প্ৰশাসনে চলায় উচ্ছেদ।
উল্লেখ্য যে, দীৰ্ঘদিনৰ পৰা উক্ত বিবাদমান অঞ্চল কেইটাৰ ভূমি কাৰ্বি আংলং জিলাৰ অন্তৰ্ভুক্ত বুলি দাবী কৰি অহাৰ সমান্তৰালকৈ হোজাই মহকুমা প্ৰশাসনেও কিছু অংশ নিজৰ বুলি দাবী কৰি আহিছে । উল্লেখ্য যে ২০১৯ চনতো উক্ত অঞ্চলকেইটাত অবৈধভাৱে বসতি স্থাপন কৰি থকা লোকসকলক কাৰ্বি আংলং জিলা প্ৰশাসন আৰু বনবিভাগে উচ্ছেদ অভিযান চলাইছিল। সেই অভিযানৰ সময়তো এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল অঞ্চলটোত।
কিন্ত ইয়াৰ পৰৱৰ্তী সময়ত আজিলৈ দুয়োখন জিলাৰ প্ৰশাসনে সীমা নিৰ্ধাৰণ কৰিবলৈ সক্ষম নহ'ল। অৱশ্যে আজিৰ উচ্ছেদ অভিযানৰ মাজতে উচ্ছেদ স্থলীত হোজাই প্ৰশাসনৰ এক উচ্চস্তৰীয় বিষয়ববীয়াৰ দল উপস্থিত হৈ কাৰ্বি আংলং প্ৰশাসনৰে বিষয়টিক লৈ আলোচনাত মিলিত হয়।
দুয়োখন জিলা আৰু মহকুমা প্ৰশাসনে বিষয়টিক লৈ আলোচনাৰ পোষকতা কৰাৰ অন্তত সাময়িকভাৱে উচ্ছেদ অভিযান স্থগিত ৰাখে। তাৎপৰ্যপূৰ্ণ যে, সমগ্ৰ বিষয়টিক লৈ কাৰ্বি আংলং জিলা প্ৰশাসনে সংবাদ মাধ্যমৰ আগত কোনোধৰণৰ মন্তব্য প্পৰদান কৰাৰ পৰা বিৰত থাকে।
শিৱিৰ বজাৰ উচ্ছেদস্থলীত উচ্ছেদিতৰ বাৰীৰ পৰা বস্তু চুৰি কৰিবলৈ গৈ ৰোষৰ সন্মুখীন হয় বনকৰ্মী। স্থানীয় একাংশই এই ঘটনা প্ৰত্যক্ষ কৰি পহুখেদা দিয়ে কে'বাজনো বনকৰ্মীক।
Also Read: মেচিনত সোমাই চাহ শ্ৰমিকৰ মৃত্যুঃ ক্ষতিপূৰণ পাব সুখৰাম মুণ্ডাৰ পৰিয়ালে