ৰাজ্যত বৃদ্ধি পাব ১০০ চিকিৎসা বিজ্ঞান পাঠ্যক্ৰমৰ আসন : নগাঁৱত আই এম চিৰ পৰ্যবেক্ষকৰ দল...

ৰাজ্যত বৃদ্ধি পাব ১০০ চিকিৎসা বিজ্ঞান পাঠ্যক্ৰমৰ আসন : নগাঁৱত আই এম চিৰ পৰ্যবেক্ষকৰ দল...
ৰাজ্যত বৃদ্ধি পাব ১০০ চিকিৎসা বিজ্ঞান পাঠ্যক্ৰমৰ আসন : নগাঁৱত আই এম চিৰ পৰ্যবেক্ষকৰ দল...

ডিজিটেল সংবাদ নগাঁও : ৰাজ্যৰ চিকিৎসা সেৱা খণ্ডলৈ অচিৰে আহিব ভাল খবৰ ৷ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ প্ৰচেষ্টাৰ বাবে ৰাজ্যত বৃদ্ধি পাব আৰু ১০০ খন চিকিৎসা বিজ্ঞান শিক্ষাৰ আসনৰ সংখ্যা ৷ আৰু ১০০ খন আসন বৃদ্ধি পালে ৰাজ্যত চিকিৎসা সেৱা লাভৰ ক্ষেত্ৰত আৰু পথ সূচল হৈ পৰিব ৷

প্ৰায় ৫৫০ কোটি টকা ব্যয়ৰে নগাঁৱৰ ম’হখূলিত স্হাপন হোৱা নগাঁও চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত বুধবাৰে আই এম চিৰ এটি পৰ্যবেক্ষকৰ দল উপস্হিত হয় ৷ দুজনীয়া দলটোয়ে নৱ নিৰ্মিত চিকিৎসা মহাবিদ্যালয়খন পৰিদৰ্শন কৰে ৷ দলটোয়ে চিকিৎসা মহাবিদ্যালয়খন পৰিদৰ্শন কৰি সন্তোষ্টি প্ৰকাশ কৰা বুলি জানিব পৰা গৈছে ৷

পৰ্যবেক্ষকৰ দলটোৰ প্ৰতিবেদনৰ পিছতে নগাঁও চিকিৎসা মহাবিদ্যালয়ে আনুষ্ঠানিক স্বীকৃতি লাভ কৰিব চিকিৎসা মহাবিদ্যালয় হিচাপে ৷ আই এম চিৰ পৰ্যবেক্ষকৰ দলটোয়ে পৰিদৰ্শনৰ সময়ত যোগাত্মক পৰিবেশ লাভ কৰিছে ৷

সেই দিশৰ পৰা চাবলৈ গ’লে চলিত বৰ্ষৰ অক্টোবৰৰ পৰা নগাঁও চিকিৎসা মহাবিদ্যালয়ত পাঠ্যক্ৰম আৰম্ভ হোৱাটো নিশ্চিত ৷ লগতে ১০০ আসনৰ বিপৰিতে নাম ভৰ্তিকৰন হ'ব ৷

আই এম চি দুজনীয়া পৰ্যবেক্ষকৰ দলটো বুধবাৰে পুৱা উপস্হিত হৈ নগাঁও চিকিৎসা মহাবিদ্যালয় পৰিদৰ্শন কৰি নিশালৈ ঘূৰি যায় ৷ নব নিৰ্মিত চিকিৎসা মহাবিদ্যালয়ৰ সকলো দিশ পৰিদৰ্শন কৰি পৰ্যবেক্ষকৰ দলটোয়ে সন্তোষ্টি প্ৰকাশ কৰা বুলি এক সূত্ৰত জানিব পৰা গৈছে ৷

এই আনুষ্ঠানিকতা সম্পূৰ্ণ হোৱাৰ পিছত ৰাজ্যৰ চিকিৎসা সেৱাৰ ক্ষেত্ৰত এক যুগান্তকাৰী পৰিবৰ্তনৰ সূচনা হ'ব বুলিব পাৰি ৷

ৰাজ্যত বৃদ্ধি পাব ১০০ চিকিৎসা বিজ্ঞান পাঠ্যক্ৰমৰ আসন : নগাঁৱত আই এম চিৰ পৰ্যবেক্ষকৰ দল...
অৰুণাচল আৰক্ষীৰ অভিযানত উৎখাত সন্ত্ৰাসবাদীৰ শিবিৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in