/asomiyapratidin/media/media_files/2025/04/14/yoE1dZcySxp1dcKqR3Qf.jpg)
ডিজিটেল সংবাদ, উৰিয়া গাঁওঃ নগাঁও জিলাৰ ঐতিহাসিক উৰিয়া গাঁও খেলপথাৰৰ উন্নয়নৰ সাহাযাৰ্থে উৰিয়া গাঁও আঞ্চলিক উন্নয়ন সমিতিয়ে বৃহত্তৰ অঞ্চলটোৰ স্থানীয় ৰাইজৰ সহযোগত বিগত বৰ্ষৰ দৰে এইবাৰো গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ। ৰঙালী বিহুৰ পৰম্পৰা অক্ষুন্ন ৰাখি হুঁচৰি পৰিবেশৰ যোগেদি উৰিয়া গাঁও খেলপথাৰখনৰ উন্নীতকৰণৰ কাম আগবঢ়োৱাৰ বাবে হাতত লোৱা হৈছে এনে কাৰ্যসূচী।
এই উপলক্ষে গৰু বিহুৰ দিনাই পুৱা বিহুৰ পতাকা উত্তোলন কৰে উৰিয়া গাঁও আঞ্চলিক উন্নয়ন সমিতিৰ সভাপতি প্ৰাগজ্যোতিষ বনিয়াই। ছহিদ তৰ্পন কৰে উৰিয়া গাঁও ক্ষুদ্ৰ ব্যৱসায়ী সন্থাৰ সভাপতি প্ৰভাত বৰাই।
/asomiyapratidin/media/media_files/2025/04/14/EqySx7WXVsxL6hKbgVte.jpeg)
ইয়াৰ পিছতে উৰিয়া গাঁও বাইপাছ চ'কত অনুষ্ঠিত হয় উদ্বোধনী অনুষ্ঠান আৰু হুঁচৰি পৰিবেশন কাৰ্যসূচী। প্ৰথমে হুঁচৰি দলটোৱে উৰিয়া গাঁও বাইপাছ চ'কত হুঁচৰি পৰিবেশন কৰে।
তাৰ পিছতেই হুঁচৰি দলটো মাজপোটনী আমতলা গজলা সত্ৰত উপস্থিত হয়। পৰম্পৰা অনুসৰি হুঁচৰি দলটোক সত্ৰলৈ আদৰণি জনায় জ্যেষ্ঠ সাংবাদিক প্ৰকাশ মহন্ত আৰু তেওঁৰ পৰিয়ালবৰ্গই।
/asomiyapratidin/media/media_files/2025/04/14/fl6B6Tjl2bJw5EkJNtBj.jpeg)
শৰাই আগবঢ়াই ঘোষা পৰিবেশন কৰি হুঁচৰি দলটোক আদৰণি জনোৱাৰ পিছতেই বিহুৱা,নাচনী,নামাতিয়ে অংশ লোৱা দলটোৱে হুঁচৰি পৰিবেশন কৰে। আনহাতে সাংবাদিক প্ৰকাশ মহন্তৰ জন্মদিন উপলক্ষে তেওঁক আয়োজকসকলৰ তৰফৰ পৰা ফুলাম গামোছাৰে সম্ভাষণো জনোৱা হয়।
/asomiyapratidin/media/media_files/2025/04/14/cKcKy7B1Ky7KwnRYanaQ.jpeg)
ইয়াৰ উপৰিও গৰু বিহুৰ দিনা দলটোৱে মাজ উৰিয়া গাঁও বকুলতল,উৰিয়া গাঁও ৰয়েল আৱাস,তেলীয়া পহুকটা গাঁও,চুতীয়া গাঁৱৰ নিৰ্ধাৰিত স্থানত হুঁচৰি আৰু বিহুনাচ পৰিবেশন কৰে। ১ বহাগৰ দিনটোত দলটোৱে জিলাখনৰ বিভিন্ন স্থানত হুঁচৰি পৰিবেশন কৰিব বুলি উৰিয়া গাঁও আঞ্চলিক উন্নয়ন সমিতিৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক প্ৰবোধ কুমাৰ বৰাই জানিবলৈ দিয়ে।
/asomiyapratidin/media/agency_attachments/2024/11/06/2024-11-06t103056273z-dwa-ad-banner-2024-300x250.png)
Follow Us