নগাঁৱত বৃহৎ পৰিমাণৰ সুৰা জব্দ...

নগাঁৱত বৃহৎ পৰিমাণৰ সুৰা জব্দ...

author-image
Asomiya Pratidin
New Update
ব্ৰহ্মপুত্ৰত জাঁপ দি মহিলাৰ আত্মহত্যা!

নগাঁৱত বৃহৎ পৰিমাণৰ সুৰা জব্দ...

ডিজিটেল সংবাদ বেবেজীয়া: নগাওঁ সদৰ আবকাৰী বিভাগে জাজৰি আৰক্ষীৰ সহযোগত আজি অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান চলাই। জিলাখনৰ তেলিয়াগাওঁ, বগৰিগুৰি, কমাৰগাওঁ, হাতীচোং আদি অঞ্চলত অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান চলাই।

Advertisment

অভিযানৰ সময়ত অভিযানকাৰী দলটোৱে তিনি হাজাৰ লিটাৰ অবৈধ সুৰা জব্দ কৰাৰ লগতে সুৰা প্ৰস্তুত কৰা সঁজুলি আৰু সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হয়। এই সন্দৰ্ভত আবকাৰী বিভাগে ১৪ টা গোচৰ ৰুজু কৰিছে‌। আবকাৰী আইন ২০১৮ অনুসৰি আবকাৰী বিভাগে ব্যৱস্থা গ্ৰহণ কৰিছে।

Also Read: জুবিনৰ পৰা অসমীয়া চিনেমালৈ, OLA- Uber ৰ পৰা Rapido লৈ, ক'তো নাই পেছাদাৰীত্ব

আবকাৰী বিভাগ