/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08/0acbe652-65c1-4b18-9d05-0bec3a232f7c/159.jpg)
নগাঁও জিলা মইনা পাৰিজাতৰ হোলীগীতৰ কৰ্মশালাৰ সামৰণি
ডিজিটেল সংবাদ,বেবেজীয়া : সদৌ অসম মইনা পাৰিজাতৰ মহাৰজত জয়ন্তী বৰ্ষ উপলক্ষে নগাঁও জিলা মইনা পাৰিজাতৰ উদ্যোগত ৩০ ,৩১ আৰু ৪ আগষ্টত হোলীগীতৰ কৰ্মশালা অনুষ্ঠিত হয়। দেওবাৰে সামৰণি উপলক্ষে নগাঁও জিলা মইনা পাৰিজাতৰ কাৰ্যালয়ত অনুষ্ঠিত হোৱা অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে বিশিষ্ট কবি তথা উচ্চ পদস্থ আৰক্ষী বিষয়া ড০ নন্দসিং বৰকলা।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08/86c666b7-0db2-4818-872d-3fa035b0e3bb/efb50317-5047-4579-ad72-6c6757d18bcd.jpg)
ড০ বৰকলাই কয় যে মাতৃভাষা কেতিয়াও হেৰাই নাযায়। আমাৰ শিশুসকলে জন্মৰ পৰা কৈ অহা আইৰ মুখৰ ভাষাটো আমি জীয়াই ৰাখিব লাগিব। তেওঁ লগতে কয় যে ভূগোল আৰু বুৰঞ্জীয়ে সভ্যতা আৰু সংস্কৃতি জীয়াই ৰাখে। ভূগোল আৰু বুৰঞ্জী বিষয় দুটা ছাত্ৰ -ছাত্ৰীসকলে অধ্যয়ন কৰাটো প্ৰয়োজন।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08/51a470ca-1bff-4d07-ad84-4cc1e889f36c/8ae942a1-ecbb-4edf-b13c-d468f6f62a00.jpg)
অনুষ্ঠানত বিশিষ্ট কবি অজিত কুমাৰ ৰয়ে কয় যে গামোচা জাতিৰ স্বাভিমান। গামোচাৰে জাতি জীয়াই নাথাকে। ভাষা-সাহিত্যইহে জাতি জীয়াই ৰাখিব।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08/f655f8fe-224e-4581-841b-3619c665dded/32bf5364-2bab-4503-9ca4-2a600ec7f48f.jpg)
জিলা মইনা পাৰিজাতৰ সম্পাদক বিশ্বজিৎ কাকতিয়ে আঁত ধৰা অনুষ্ঠানত জিলা মইনা পাৰিজাতৰ সভাপতি মুহিউদ্দিন আহমেদ ,নাট্যকাৰ দীপক বৰা ,সমাজকৰ্মী শৰৎ চন্দ্ৰ মহন্ত , সাংবাদিক দেৱজিৎ হাজৰিকা ,ইন্দু বৰা , অঞ্জলী বৰুৱাকে ধৰি কেবাজনো বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। উল্লেখ যে বৰপেটাৰ হোলী গীতৰ বিশিষ্ট শিল্পী ৰবীন্দ্ৰনাথ দাস আৰু তেওঁৰ সহযোগী নিলঞ্জিত দাসে কৰ্মশালাত প্ৰশিক্ষণ প্ৰদান কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08/c246d283-604e-49ce-90dd-fc6408e0c840/04a758c5-32c5-4b67-8ec8-7577cba289a4.jpg)
প্ৰশিক্ষণ গ্ৰহণ কৰা অৰ্ধশতাধিক শিশুৱে হোলীগীত ,বৰগীত ,জ্যোতি সংগীত , ৰাভা সংগীত পৰিবেশনেৰে অনুষ্ঠানটি জীপাল কৰি তোলে । উল্লেখ যে শিশুসকলৰ গীতে- মাতে নগাঁও চহৰৰ কলঙৰ পাৰ জীপাল কৰি তোলে।
Also Read: অসম সাহিত্য সভাৰ আজীৱন সভ্য ভৰ্তি অভিযান