/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/1da9e0f6-6031-4865-8088-efcd709ff21f/himanta_21.jpg)
হেমপ্ৰভা বিশ্বাস আৰু প্ৰবীন শইকীয়াৰ আদৰ্শৰে যুৱ প্ৰজন্মক অনুপ্ৰাণিত হ'বলৈ মুখ্যমন্ত্ৰীৰ আহ্বান
ডিজিটেল সংবাদ কলিয়াবৰঃ ভিৰৰ মাজত ব্যতিক্ৰম ৷ আনতকৈ পৃথক হোৱাৰ বাবেই সকলোৰে দৃষ্টি নিবদ্ধ ছোৱালীজনীৰ ওপৰত। আনে যোৱা বাটে নোযোৱা ছোৱালীৰ ওচৰলৈ এতিয়া আই পি এছ, আই এছ বিষয়া, ভি আই পি, কেবিনেট মন্ত্ৰী,বিধায়কৰ চলিছে সঘন আহ যাহ।
শেহতীয়াকৈ শুকুৰবাৰে বিয়লি সেই বিশেষ ছোৱালী জনীৰ লগ পোৱাৰ হেঁপাহৰে কলিয়াবৰ জখলাবন্ধাত উপস্থিত হ'লহি খোদ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা৷ এগৰাকী নাচনী তথা কলেজীয়া ছাত্ৰী কলিয়াবৰ মহকুমাৰ হাটবৰ নিৱাসী হেমপ্ৰভা বিশ্বাসে অসম চৰকাৰৰ পৰা লাভ কৰা মাননীৰে স্বাৱলম্বী হোৱাৰ প্ৰয়াস চলাই জখলাবন্ধাত মুকলি কৰা দোকানত চাহৰ জুতি ললে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/fdc1fdbb-40be-46b6-b351-cf2d66ec65c9/83ac0bc0-8039-451b-ac7b-9c5ebf683a13.jpg)
আন আন শিক্ষিত নিৱনুৱাৰ ৱাবে অনুকৰনীয় আদৰ্শ গঢ় দিয়া হেমপ্ৰভাৰ প্ৰচেষ্টাক শলাগ লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় - অসমৰ বিহুক আমি যেতিয়া ৱৰ্ল্ড ৰেকৰ্ডছৰ বাবে চেষ্টা কৰিছিলোঁ তেতিয়া এই অনুষ্ঠানত ৰাজ্যখনৰ ভিন্ন প্ৰান্তৰ হাজাৰৰো অধিক বিহুৱা বিহুৱতীয়ে অংশগ্ৰহণ কৰিছিল। ইয়াতে কলিয়াবৰৰ হাটবৰৰ হেমপ্ৰভা বিশ্বাস আৰু পোৰাভেটিৰ প্ৰৱীন শইকীয়াই এই অনুষ্ঠানত যোগদান কৰিছিল। তেওঁ লোকৰ কষ্টৰ বিনিময়ত সকলোলৈকে ৩৫ হাজাৰ টকাকৈ মাননী দিছিলোঁ। সেই মাননীৰ সুবিধা লৈ হেমপ্ৰভা বিশ্বাসে জখলাবন্ধাত এখন চাহৰ দোকান দিয়ে। সেই চাহ দোকানৰ উপাৰ্জনেৰে হেমপ্ৰভাই কলিয়াবৰ মহাবিদ্যালয়ত নামভৰ্তি কৰি পঢ়ি আছে।
মন্ত্ৰী কেশৱ মহন্তৰ সৈতে চাহৰ জুতিলৈ মুখ্যমন্ত্ৰী ড০ শৰ্মাই সংবাদ মাধ্যমক লগতে কয়, প্ৰবীণ শইকীয়া এজন গো পালক। তেওঁ ওৱৰ্ল্ড ৰেকৰ্ডছৰ টকাৰে তিনি নম্বৰৰ গৰুটো কিনিবলৈ সক্ষম হ'ল। তাৰ পিছত বানপানীৰ চৰকাৰী সাহাৰ্যৰ টকাৰে চাৰি নম্বৰৰ গৰুটো কিনি ভাল গাখীৰ উৎপাদন কৰিছে। দৈ বনাই বিক্ৰী কৰিছে, মোকো এটা দৈৰ টেকেলি উপহাৰ দিছে। মই হেমপ্ৰভা আৰু প্ৰবীণ দুয়োগৰাকীৰ আদৰ্শ অসমৰ যুৱক, যুৱতী সকলে লয় তাৰ বাবে আশা কৰিলোঁ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/3613916d-98e6-4ea7-944d-370e3761d5d2/248fdef2-2c19-467e-9fc1-418900ae0867.jpg)
ইপিনে কলং নৈৰ সম্পৰ্কত মুখ্যমন্ত্ৰী গৰাকীয়ে কয়, কেশৱ মহন্ত আৰু পীযুষ হাজৰিকাই কলংক পুনৰ বোৱতী কৰিবলৈ চেষ্টা কৰি আছে। আজি মোৰ সৌভাগ্য কলঙৰ পানী বৈ যোৱা দেখিবলৈ পালোঁ। কোনোবা এটা দিনত আহিম কলঙৰ ছুইচট গেট খুলিবলৈ। তেতিয়া কিছু দিন পৰ্যবেক্ষণ কৰা হ'ব। যাতে ই বানপানীৰ সৃষ্টি কৰিব নোৱাৰে। আমি সময়ত যাতে বোৱতী কলঙৰ নৈসৰ্গিক শোভা উপভোগ কৰিব পাৰো তাৰো চেষ্টা কৰিম।
মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় কলং বোৱতী কৰাতো বহুত দিনৰ আশা আছিল। বিধান সভাত কেশৱ মহন্তই বক্তৃতা দিওঁতে প্ৰথমবাৰ ময়ে উল্লেখ কৰিছিলোঁ। আৰু মোৰ কথাৰ আলম লৈয়ে কেশৱ মহন্তই কামটো আৰম্ভ কৰিছিল। পীযুষ হাজৰিকাই এতিয়া সমাপ্তিৰ ফালে লৈ গৈছে। এয়া আমাৰ বাবে প্ৰাপ্তীৰ ক্ষণ বুলি ক'ব পাৰোঁ। আমি আকৌ এদিন কলংখন আনুষ্ঠানিক ভাৱে মুকলি কৰিবলৈ আহিম। তেতিয়া কলংখন নগাঁও হৈ কাজলি মুখলৈকে বোৱাই নিবলৈ চেষ্টা কৰিম।
Also Read: জামুগুৰিহাটৰ ৬৭০ গৰাকী কৃতি শিক্ষাৰ্থীক বিশেষ অভিনন্দন...